হাজো : মহানগৰী গুৱাহাটীৰ লতাশিল থানাৰ আৰক্ষীৰ এটা দলে হাজোত চলালে ড্ৰাগছ বিৰোধী অভিযান। হাজোৰ এগৰাকী মহিলাৰ ঘৰত লতাশিল আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান। জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ধন।

ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান। ড্ৰাগছ মুক্ত অসম গঢ় দিয়াৰ বাবে অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক।

এইবাৰ মহানগৰী গুৱাহাটীৰ লতাশিল আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালে হাজোত। লতাশিল থানাৰ আৰক্ষী বিষয়া বিশ্বজিৎ ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হাজোৰ দলৈটোলাৰ হামিদা বিবি নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলায়।

লগতে পঢক : পুনৰ চাহ বাগিচাৰ চিকিৎসালয়ৰ পৰা আটক ভুৱা চিকিৎসক

অভিযানকাৰী আৰক্ষীৰ দলটোৱে হামিদা বিবিৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে নগদ ১ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰে। উল্লেখ্য যে লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন যুৱকৰ ভাষ্যৰ ভিত্তিত হাজোৰ হামিদা বিবিৰ ঘৰত অভিযান চলায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply