অসমত শ্ৰমিকৰ কৌশল বিকাশৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ তুলিলে
সদৌ অসম আইন ছাত্ৰ সন্থাই দিছপুৰ প্ৰেছক্লাৱত সংবাদমেল পাতি এই অভিযোগ কৰে সংগঠনটোৱে।
Assam Building and Other Construction Welfare Boardৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ কৰে। স্কীল প্ৰশিক্ষণৰ নামত কেন্দ্ৰীয় চৰকাৰে আবন্টন দিয়া
৮০ কোটি টকাৰ লুন্ঠনৰ তদন্তৰ দাবী কৰে সংগঠনটোৱে।
ভুৱা হিতাধীকাৰী সৃষ্টি কৰি লুণ্ঠন চলোৱা অভিযোগ
যি সকল শ্ৰমিকক প্ৰশিক্ষণ দিছিল সেই সকলক মজুৰি প্ৰদান নকৰি ধন আত্মসাৎ কৰাৰ অভিযোগ কৰে ছাত্ৰ সংগঠনটোৱে।
Assam Building and Other Construction Welfare Boardয়ে
ভুৱা হিতাধীকাৰী সৃষ্টি কৰি শ্ৰমিকক মজুৰি প্ৰদান নকৰি ধন আত্মসাৎ কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ ৷
এই সন্দৰ্ভত শ্ৰমিক সকলে দিছপুৰ থানাত গোচৰ দিয়াৰ পিছতো আজিলৈকে কোনো ব্যবস্থা ন’ললে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিমাত বৈ থকাটো দুৰ্ভাগ্যজনক বুলি সংবাদমেলত মন্তব্য কৰে সদৌ অসম আইন ছাত্ৰ সন্থাই সভাপতি সঞ্জিৱ বৰাই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply