সোণাৰি : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰাইদেউ সংমণ্ডলৰ অধীনত সোণাৰি সমষ্টিৰ অন্তৰ্গত লংপতীয়া গাওঁ পঞ্চায়তৰ আইদেউ কাঠনি গাওঁ পানীযোগান আঁচনি, বেঙেনাবাৰী গাওঁ পঞ্চায়তৰ টকলিমৰা বুঢ়াগাওঁৰ পানীযোগান আঁচনি আৰু ৰাজুৱাৰ বস্তিকে ধৰি মুঠ তিনিটা অঞ্চলত আজি পানী যোগান আঁচনিৰ আধাৰ শিলা স্থাপন কৰে যোৰহাট লোক সভাৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰে।
আইদেউবাৰী কাঠনি গাওঁ জলজীৱন মিচনৰ পানীযোগান আঁচনিটোৰ বাবে মুঠ আবন্টিত ধনৰাশি হৈছে এক কোটি ৪৯ লাখ ৩২ হাজাৰ, টকলিমৰা বুঢ়াগাওঁৰ পানীযোগান আঁচনিৰ মুঠ আবন্টিত ধনৰাশি এক কোটি ৩৪ লাখ ৮১ হাজাৰ আৰু ৰাজোৱাৰ বস্তি পানীযোগান আঁচনিৰ আবন্টিত ধনৰাশিৰ পৰিমাণ এক কোটি ৩৪ লাখ ৮১ হাজাৰ হাজাৰ ধাৰ্য কৰা হৈছে। এই পানীযোগান আঁচনিৰ জৰিয়তে আইদেউবাৰী কাঠনি গাঁৱত ২৫৩টা ঘৰ, টকলিমৰা গাঁৱত ২৬৬টা ঘৰ আৰু ৰাজোৱাৰ বস্তিত ২৩৩ টা পৰিয়ালক সামৰি লৈছে।
লগতে পঢ়কঃপৌৰ নিৰ্বাচনত টিকটৰ নামত কংগ্ৰেছত চলিছে ব্যাপক ধনৰ লেনদেন
এই আঁচনি কেইখনৰ আধাৰশিলা স্থাপন কৰি সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰে পৰ্যায়ক্ৰমে সকলো লোকলৈ এঘৰো বাদ নপৰাকৈ চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিব বুলি বক্তব্য আগবঢ়ায়।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰাইদেউ সংমণ্ডলৰ জলজীৱন মিচনৰ জিলা সম্পৰ্কৰক্ষী বিষয়া নৱজ্যোতি সন্দিকৈয়ে আঁতধৰা আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কাজল দে, চৰাইদেউ জিলা পৰিষদৰ উপসভাপতি দিগন্ত ৰাজকোঁৱৰ, ৰজাপুখুৰী গাওঁ পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকাৰ লগতে বিজেপিৰ দলীয় কৰ্মকৰ্তাসকল।