গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীৰ নির্দেশ মর্মে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত সংবাদ সেৱাৰ ক্ষেত্ৰত একনিষ্ঠভাৱে জড়িত সাংবাদিক আৰু সংবাদকর্মীসকলক থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ (লার্নাৰ লাইচেঞ্চ) প্রদানৰ এক পদক্ষেপ গ্রহণ কৰা হৈছে। ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে ১০০ দিন অতিক্ৰম কৰা উপলক্ষে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্র) গৌতম দাসে জানিবলৈ দিছে।

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৰাকীয়ে কয় যে দেশ তথা ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নত গণতন্ত্রৰ চতুর্থ স্তম্ভ সাংবাদিক আৰু সংবাদকর্মীসকলৰ ভূমিকা অতুলনীয় আৰু উল্লেখযােগ্য। বিভিন্ন জটিল পৰিস্থিতিতে সাংবাদিকসকলে অতন্দ্র প্রহৰীৰ দৰে সমাজ জীৱনলৈ অনবদ্য সেৱা আগবঢ়াই আহিছে। গাড়ীচালনা আৰু পথ সুৰক্ষাৰ বিভিন্ন নীতি-নিদের্শনাসমূহ সমাজৰ সর্বস্তৰৰ মাজলৈ আগবঢ়াই নি জনসাধাৰণক সদাসচেতন আৰু সজাগ কৰি ৰখাতাে সাংবাদিকসকলে উল্লেখনীয় ভূমিকা গ্রহণ কৰি আহিছে। সেয়েহে সমাজৰ প্রতি উৎসর্গিত এইসকল লােকৰ দৈনন্দিন যাতায়াত আৰু যােগাযােগত সুবিধা হােৱাকৈ গাড়ীচালনাৰ একোখনকৈ শিকাৰু অনুজ্ঞাপত্ৰ দিব বিচাৰিছোঁ আৰু তেওঁলােকক আগবাঢ়ি আহি এই সেৱা গ্রহণ কৰিবলৈ আহ্বান জনাইছোঁ।

লগতে পঢ়ক : পুনৰ ৪০ হাজাৰ অতিক্ৰম কৰিলে দেশত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা

উল্লেখ্য যে, অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰীসকলক প্রথমে হােন্দা চেফটি ড্রাইভিং এডুকেছ চেণ্টাৰৰ সহযােগত পথ-সুৰক্ষা আৰু যান-বাহন চলােৱাৰ বিধি সন্দৰ্ভত প্রাথমিক জ্ঞান প্রদানৰ এক কার্যসূচী অনুষ্ঠিত কৰা হ’ব। সেই অনুসৰি অহা ৩১ আগষ্টৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এমাহৰ বাবে প্রতিদিনে ১০ গৰাকীকৈ আবেদনকাৰীক থিতাতে অনুজ্ঞাপত্র প্রদান কৰা হ’ব। জিলা পৰিবহণ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ইচ্ছুক আবেদনকাৰীসকলে অনুজ্ঞাপত্ৰৰ বাবে নিজৰ নাম-ঠিকনা, বয়সৰ প্রমাণপত্রসহ “Parivahan Sewa” portal অথবা “http//sarathi.parivahan.gov.in/sarathi service”ত অনলাইনযােগে আৱেদন কৰিব লাগিব। তদুপৰি অনলাইন আবেদনৰ পিছত আবেদনকাৰীসকলে জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ ৪৯ নম্বৰ কাউন্টাৰত বয়স আৰু ঠিকনাৰ প্ৰমাণ-পত্র দাখিল কৰিব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,276 other subscribers

Leave a comment

Leave a Reply