গুৱাহাটী : যোৱা ২০ আৰু ২৩ ছেপ্টেম্বৰত দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটিৰ ধলপুৰত চৰকাৰে চলাইছিল উচ্ছেদ অভিযান। ২৩ ছেপ্টেম্বৰত চলা উচ্ছেদ অভিযানৰ সময়ত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড। উচ্ছেদ অভিযান হিংসাত্মক ৰূপ ধাৰণ কৰাত আৰক্ষীৰ গুলীত নিহত হৈছিল দুজনকৈ প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰী আক্ৰমণত আহত হৈছিল ১১ জনকৈ আৰক্ষীৰ লোক।

গৰুখুটিৰ ধলপুৰৰ উচ্ছেদ অভিযানৰ হিংসাত্মক ঘটনাই সমগ্ৰ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ঘটনাৰ পিছতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে। শেহতীয়াকৈ পাঁচটাকৈ বাওঁপন্থী ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে পৰিদৰ্শন কৰে ধলপুৰৰ উচ্ছেদস্থলী।

চিপিআই, চিপিআই(এম), চিপিআই(এমএল), আঞ্চলিক গণ মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিনিধিয়ে ধলপুৰৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি এই উচ্ছেদ অভিযানক আমানৱীয় আখ্যা দিয়ে। আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই কয় যে আগদিনা উচ্ছেদৰ জাননী দি পিছদিনা উচ্ছেদ অভিযান চলোৱা হৈছে। উচ্ছেদৰ বলি হোৱা লোক সকল সম্পূৰ্ণ ভাৰতীয় নাগৰিক।

লগতে পঢ়ক-উৎকোচৰ বাবেই নগাঁও কাৰাগাৰৰ ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ

উচ্ছেদস্থলী পৰিদৰ্শন কৰা বাওঁপন্থী দল কেইটাৰ প্ৰতিনিধি সকলে উচ্ছেদৰ বলি হোৱা লোক সকলক পুনৰ সংস্থাপনৰ দাবী জনোৱাৰ লগতে উচ্ছেদস্থলীৰ গুলী চালনাৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনাইছে। লাঠী চালনা আৰু গুলী চালনাত আহত আৰু নিহত সকলক উপযুক্ত ক্ষতিপূৰণ, দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ততালিকে নিলম্বন কৰা আৰু সংস্থাপন অভিহনে উচ্ছেদ বন্ধ কৰাৰো দাবী জনায় বাওঁপন্থী দল কেইটাৰ প্ৰতিনিধি সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply