হোজাই : হোজাইৰ আজমল আইন মহাবিদ্যালয়ত বিনামুলীয়া আইনী সাহায্য শিৱিৰ৷
হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত তথা আজমল আইন মহাবিদ্যালয়ৰ আইনী সহায় কোষৰ সহযোগত ৰূপায়ন কৰা হয় এই আইনী সাহায্য শিৱিৰ৷
বিনামুলীয়া আইনী সাহায্য শিৱিৰৰ জৰিয়তে হোজাইৰ তিনি শতাধিক লোকক আইনী পৰামৰ্শ প্ৰদান কৰা হয়৷
এই শিবিৰৰ জৰিয়তে বিভিন্ন গোচৰত ন্যায় লাভ নকৰা একাংশ লোককো আইনী পৰামৰ্শ আগবঢ়োৱা হয়৷

যিসকল ভুক্তভোগীয়ে আইনী খৰছ বহন কৰিব নোৱাৰি ন্যায় লাভৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোককো এই শিৱিৰৰ জৰিয়তে আইনী দিহা পৰামৰ্শ আগবঢ়ায় হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু আজমল আইনী কোষৰ বিষয়বৱীয়াসকলে৷
এই শিৱিৰৰ জৰিয়তে আইনী সজাগতা অনাৰ প্ৰয়াস কৰে আইন শিক্ষাৰ লগত জড়িত থকা একাংশ শিক্ষাৰ্থীসকলেও৷
আইনী সাহায্য শিৱিৰত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সচিব চালেহ আহমেদ, আজমল আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী, পেনেল অধিবক্তা দিপক দেৱনাথ, আজমল ফাউণ্ডেচনৰ প্ৰৱন্ধক ড° এম আৰ এইচ আজাদ উপস্থিত আছিল৷
উল্লেখ্য যে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে সাধাৰণ লোকসকলক আইনীভাৱে সজাগ কৰিবলৈ দীৰ্ঘদিনৰ পৰা প্ৰয়াস কৰি আহিছে৷ অলপতে হোজাই শংকৰদেৱনগৰত অনুষ্ঠিত লোক আদালতত গাৰ্হস্থ্য হিংসা, গাড়ী দুৰ্ঘটনাকে ধৰি বিভিন্ন ধৰণৰ ৬৬ টা গোচৰ মীমাংসা কৰা হয়৷
ইয়াৰ সমান্তৰালকৈ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে সমাজত প্ৰচলিত বাল্যবিবাহ, অন্ধবিশ্বাস, শিশু শ্ৰমিক আদিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এই কু-সংস্কাৰবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক বিশিষ্ট অধিবক্তা তথা ক্ৰীড়া সংগঠক নিলয় দত্তৰ দেহাৱসান