তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত টিপং চালিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত সঞ্জু গাওঁৰ সমীপত আটক উগ্ৰপন্থী সদস্য।

মঙ্গলবাৰে সন্ধিয়া টিপং শিবিৰৰ ভাৰতীয় সেনাই এক গোপন সূত্ৰৰ আধাৰত আটক কৰিলে উগ্ৰপন্থী সদস্যগৰাকীক।

আৰু পঢ়কঃবিহালীত যুৱতীক ধৰ্ষণৰ চেষ্টা

আটকাধীন সদস্য গৰাকী ডিগবৈ নাজিৰাটিংৰ বিনোদ মুৰা(২৮) বুলি জানিব পৰা গৈছে।

সদস্যগৰাকীৰ পৰা সেনাই এটা .৩২ পিষ্টল, তিনি জাই সক্ৰিয় গুলি, এখন দা, এটা ম’বাইল উদ্ধাৰ কৰে।

বৰ্তমান সেনাই উগ্ৰপন্থী সদস্যগৰাকীক লেখাপানী আৰক্ষীক চমজাই দিয়ে।

লেখাপানী আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে উগ্ৰপন্থীগৰাকীক জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply