কোকৰাঝাৰ : বান আৰু গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে কোকৰাঝাৰৰ পশ্চিম সমষ্টিৰ লোঙা নদী আৰু গোঙিয়া নদীৰ পাৰৰ মাওৰীয়া গাঁও, বেতানী, শিমলাগুড়ী, বোৱাগুৰী, তেতলিগুৰী ঢেপঢেপী, নামাপাৰাৰ লগতে কে’বাখনো গাঁও। কেইবাশতাধিক বিঘা মাটি নদীত জাহ যোৱাৰ পিছতো কোনো কাণষাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ লগতে বিভাগীয় বিষয়াৰ।
ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে ভাদ মহীয়া বানে। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলা ডুব গৈছে বাঢ়নী পানীত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশত নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈছে। ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ উফন্দি উঠিছে সৰু-নৈ সমূহো।
কোকৰাঝাৰৰ পশ্চিম সমষ্টিৰ লোঙা নদীও ভয়াবহ ৰূপ ধাৰণ কৰিছে। লোঙা নদীৰ বাঢ়নী পানীৰ লগতে গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে কেইবাখনো গাঁৱৰ ৰাইজৰ। কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টি তথা বিটিচিৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ চিথিলা ভিচিডিচিৰ অন্তৰ্গত তেতেলীগুৰী, বোৱাগুৰী, লামাপাৰা, ঢেপঢেপী, শিমলাগুৰী অঞ্চলৰ ৰাইজ লোঙা নদীৰ তাণ্ডৱৰ ফলত আতংকিত হৈ পৰিছে।
ইতিমধ্যে গাঁও কেইখনৰ বহু লোকৰ ঘৰ দুৱাৰৰ লগতে কেইবাশতাধিক বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে। নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ ফকিৰাগ্ৰাম পৰিষদীয় সদস্যগৰাকী উক্ত স্থানত ভোট বিচাৰি আহোতে নদীৰ খহনীয়া ৰোধ কৰাৰ বাবে স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়ী হোৱা পিছত পৰিষদীয় সদস্যগৰাকীয়ে কোনো ধৰণৰ খা-খবৰ লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।
লগতে পঢ়ক : ডি এন এল এ উগ্ৰপন্থীৰ আক্ৰমনত নিহত ট্ৰাক ডাইভাৰৰ পৰিয়ালক চৰকাৰী সাহাৰ্যৰ দাবী
ইতিমধ্যে স্থানীয় পৰিষদীয় সদস্যগৰাকীক গাঁওসমূহৰ বিভিন্ন সমস্যাৰ কথা অৱগত কৰা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব আৰোপ হোৱা পৰিলক্ষিত হোৱা নাই। গতিকে ৰাইজে বিটিআৰ আৰু অসম চৰকাৰলৈ অনতি পলমে উক্ত গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে অনুৰোধ জনাইছে।