যোৰহাট : দীর্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পৰিলে জালত। পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘটো দীৰ্ঘদিন ধৰি পশুধন ভক্ষণ কৰি চলাই আহিছিল সন্ত্ৰাস।
বন বিভাগে যোগান ধৰা পিঞ্জৰাত আবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। যোৰহাটৰ গড়মূৰৰ কোৰোকাতলিত দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ পশুধন ভক্ষণ কৰি নাহৰফুটুকী বাঘটোৱে সন্ত্ৰাস চলাই আহিছিল।
লগতে পঢ়ক : “স্মার্ট পুলিচিং”ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে অসম আৰক্ষীয়ে
যোৰহাট বন বিভাগৰ ফালৰ পৰা ৰাইজক পিঞ্জৰা দিয়াত শনিবাৰে পুৱাৰ ভাগত পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকী বাঘটো। ইয়াৰ পূৰ্বেও অঞ্চলটোৰ পৰা বহু কেইটা নাহৰফুটুকী বাঘ ভন বিভাগে আৱদ্ধ কৰিছে।