গোলাঘাট- গোলাঘাটৰ কঠীয়াতলী অঞ্চলৰ এটা পুখুৰীৰ পাৰত উদ্ধাৰ কৰা হৈছে এটা নাহৰফুটুকী বাঘৰ মৃতদেহ।
স্থানীয় ৰাইজে মৃত বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।
ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰফুটুকীটোৰ মৃতদেহ।
আৰু পঢ়কঃ ধিং এক্সপ্ৰেছ হিমাৰ অলিম্পিক যাত্ৰা অনিশ্চয়তাত
বাঘটোক কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।
পিছে বাঘটোৰ মৃত্যুৰ সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি প্ৰকাশ কৰিছে বনবিভাগে।