ডিব্ৰুগড়- ডিব্ৰুগড় জিলাৰ ‘বকপৰা চাহ বাগিচা’ত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ।
কোনো দুষ্কৃতিকাৰীয়ে নাহৰফুটুকীটো হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ।
নাহৰফুটুকীটো হত্যা কৰি চিকাৰীয়ে বাঘটোৰ নখ, নেজ, দাঁত ইত্যাদি দেহৰ কেইবাটাও অংগ কাটি লৈ যায়।
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা বাগিচাখনত নাহৰফুটুকীৰ আতংকই বিৰাজ কৰিছিল। কিন্তু এইক্ষেত্ৰত বনবিভাগে কোনো ব্যৱস্থা হাতত লোৱা নাছিল।
বন বিভাগৰ ব্যৰ্থতাৰ বাবেই মানৱৰ হাতত নাহৰফুটুকীটোৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে।