গোলাঘাট জিলাৰ খুমটাইৰ বেতিয়নী কাকতিগাঁৱত পিঞ্জৰাবদ্ধ হ’ল প্ৰকাণ্ড নাহৰফুটুকী ৷ বৰ্তমানলৈকে ১৩-১৪ টাকৈ বাঘ পিঞ্জৰাবদ্ধ হৈছে অঞ্চলটোত। বাঘ চাবলৈ পুৱাই ভিৰ কৰিলে অজস্ৰজনে ৷ কোলাত কেঁচুৱা লৈও বাঘ চাবলৈ আহিলে মহিলা ৷

বেতিয়নী,কাকতিগাঁও, নৰাগাঁও,কৃষ্ণগাঁওত বিগত কেইবাবছৰৰ পৰা অব্যাহত আছে বাঘৰ সন্ত্ৰাস ৷ অঞ্চলটোৰ গৰু-ছাগলীকে ধৰি পশুপক্ষী খাই উদং কৰিছে বাঘে ৷

শেহতীয়াকৈ এই বাঘটোৱেও অঞ্চলটোৰ ৰাইজৰ বহু পোহনীয়া জীৱজন্তু মাৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। বাঘটো পানবাৰীলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিব বুলি বন বিভাগে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply