দুলীয়াজান : গাড়ীৰ খুন্দাত নিহত নাহৰফুটুকী বাঘ। দুলীয়াজানত তীব্ৰ বেগী গাড়ীৰ খুন্দাত নিহত হৈছে এটা নাহৰফুটুকী বাঘ। একাংশ লোকে মৃত নাহৰফুটুকী বাঘটোৰ নখ, দাঁত আৰু নোম কাটি নিয়ে।
দুলীয়াজান মঙলবাৰে নিশাৰ ভাগত তীব্ৰ বেগী গাড়ীৰ খুন্দাত এটা নাহৰফুটুকী বাঘ মৃত্যুৰ মুখত পৰে। জানিব পৰা মতে ডিৰিয়াল চাহ বাগিচাৰ পৰা ৰাজপথলৈ ওলাই আহোঁতে নাহৰফুটুকী বাঘটোক তীব্ৰ বেগী বাহন এখনে খুন্দা মাৰে।
তীব্ৰ বেগী বাহনৰ খুন্দাত থিতাতে নিহত হয় নাহৰফুটুকী বাঘটো। মৃত নাহৰফুটুকী বাঘটোক চাবলৈ দুর্ঘটনাস্থলীত বহু লোক গোট খায় আৰু ইয়াৰে একাংশ লোকে মৃত নাহৰফুটুকী বাঘটোৰ নখ, দাঁত আৰু নোম কাটি নিয়ে।
লগতে পঢ়ক : সোণাৰিত টাইপাৰ উদ্যোগত লাচিত দিৱস
দুর্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ নাহৰফুটুকী বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। জানিব পৰা মতে নাহৰফুটুকী বাঘটোৱে অঞ্চলটোত দীর্ঘদিন ধৰি পশুধন খাই সন্ত্ৰস চলাই আছিল।