মৰিয়নীত বন বিভাগৰ নিৰ্লজ্জ কাণ্ড ।আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘ টকাৰ প্ৰলোভন দি উদ্ধাৰ কৰালে চাহ শ্ৰমিকৰ হতুৱাই৷

মৰিয়নীৰ শিলিখা চাহ বাগিচাত উদ্ধাৰ হৈছিল আঘাতপ্ৰাপ্ত নাহৰফুটুকীতো।

বাগিছাৰ শ্ৰমিকে বাগানৰ নলাৰ পৰা উদ্ধাৰ কৰে আঘাতপ্ৰাপ্ত নাহৰফুটুকীটো৷

বন বিভাগৰ সন্মুখতে আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘ চোচোৰাই নিলে শ্ৰমিকে ৷

বন বিভাগৰ লোকে আঘাতপ্ৰাপ্ত বাঘটো ধৰি দিয়া বিনিময়ত টকাৰ প্ৰলোভন দিছিল শ্ৰমিকক।

একাংশ লোকে আঘাতপ্ৰাপ্ত বাঘটো বহু দুৰলৈ চোচোৰাই নিয়া দেখিও উপস্থিত বন কৰ্মী আৰু আৰক্ষীৰ কোনো লোক আগবাঢ়ি অহাৰ বিপৰীতে মাথো নিৰৱ দৰ্শকক হৈ চায় থাকিল৷
আঘাতপ্ৰাপ্ত বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সামান্যতম ব্যৱস্থাও হাতত নললে বন বিভাগে ৷


পুৱাৰ ভাগতে এই সন্দৰ্ভত চাহ বাগিচাৰ লোকসকলে বন বিভাগক অৱগত কৰায় যদিও ৭ ঘন্টা ধৰি বাগিচাৰ নলাটোতে আৱদ্ধ হৈ থাকে আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘটো ৷
অৱশেষত স্থানীয় লোকৰ হতুৱাই আঘাত প্ৰাপ্ত বাঘটো উদ্ধাৰ কৰোৱাই বন বিভাগে

লগতে পঢ়ক- কলগাছিয়াৰ কাউৰজাহীত খৰালিতো অব্যাহত বেকী নৈৰ গৰাখহনীয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply