গুৱাহাটী- ঘৰুৱা কিছুমান পাচলিতো বহু ৰোগ নিৰাময়ৰ ক্ষমতা থাকে। পাচলিৰ ভিতৰত থলুৱাভাৱে উৎপাদন হোৱা ভেন্দিটো বহু পুষ্টিকৰ গুণ পোৱা যায়। ভেন্দিত প্ৰচুৰ পৰিমাণে এটিন, কার্বহাইড্রেট আইৰণ, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম, ফাইবাৰ, ফচৰাছ, জিংক, ভিটামিন এ, বি, চি, ডি, ই, কে আদি উপাদান পোৱা যায়। ভেন্দিৰ পৰা আমাৰ শৰীৰে লাভ কৰা গুণসমূহৰ বিষয়ে জানো আহক-

১/ ভেন্দিত এন্টি অক্সিডেন্ট গুণ থাকে যাৰ ফলত আমাৰ শৰীৰৰ ৰোগ ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। শৰীৰৰ পাচনতন্ত্র সঠিক ভাৱে ৰখাৰ লগতে হজম ক্ষমতা বৃদ্ধি কৰে। ই কোষ্ঠকাঠিন্যতাৰ সমস্যাও দূৰ কৰে।

২/  ডায়েবেটিছ ৰোগীসকলে নিয়মীতভাৱে ভেন্দি কাটি পানীত ৰাতি তিয়াই থৈ ৰাতিপুৱা খালি পেটত সেই পানী সেৱন কৰিলে চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণলৈ আহে।

৩/  নিয়মিয়াকৈ ভেন্দি খালে এনিমিয়া সমস্যা ৰোধ হয়। ভেন্দিয়ে অপকাৰী কলেষ্টৰল কম কৰে আৰু হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখে। ভেন্দিত থকা এন্টি-অক্সিডেন্টে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ইয়াত থকা ভিটামিন কে’ৰ বাবে তেজ গোট মৰা ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

৪/ ভেন্দিয়ে হাড় আৰু দাঁতৰ গঠন মজবুত কৰে। ই ছালৰ উজ্জ্বলতা বঢ়ায়। আৰু কিডনি সুৰক্ষিত কৰাত সহায় কৰে।

৫/ ভেন্দিয়ে ব্যক্তিৰ দৃষ্টি শক্তি সঠিক ভাৱে ৰখাত সহায় কৰে। ই শৰীৰ শীতল কৰাৰ লগতে পেটৰ গেছ দূৰ কৰে আৰু ই শৰীৰত শক্তিবৰ্ধক টনিক হিচাপে কাম কৰে।

৬/ ভেন্দিয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ভেদি পুষ্টিকৰ গুণেৰে ভৰপূৰ যদিও থাইৰয়ড ৰোগীৰ বাবে ই বহু অপকাৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply