গুৱাহাটী-  আদিম যুগৰ পৰাই বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তিয়ঁহ ব্যৱহাৰ কৰি অহা দেখা গৈছে। ঔষধি গুণেৰে সমৃদ্ধ উদ্ভিদ আৰু পাচলি সমূহ আয়ুৰ্বেদিক চিকিৎসাতো বিশেষভাৱে ব্যৱহাৰ কৰা হয়। তিয়ঁহত প্ৰচুৰ পৰিমানে পানী পোৱা যায়। গৰম দিনৰ কাৰণে ই উৎকৃষ্ট খাদ্য। আহক তিয়ঁহৰ গুণাগুণৰ বিষয়ে জানো আহক।

১. তিয়ঁহে ডিহাইড্ৰেচনৰ সৈতে যুঁজ দিয়াত সহায় কৰে। আমাৰ শৰীৰত প্ৰয়োজনীয় পৰিমাণতকৈ কম পানী থাকিলে ডিহাইড্ৰেচন হোৱা দেখা যায়, যাৰ ফলত আমি বিভিন্ন ৰোগৰ প্ৰতি সংবেদনশীল হওঁ। আমি দৈনিক আহাৰত তিয়ঁহ নিয়মীয়াকৈ সেৱন কৰিলে আমাৰ শৰীৰত পানীৰ পৰিমাণ নিয়মীত থাকে।

২. নিয়মীয়াকৈ তিয়ঁহ খালে হাড়ৰ স্বাস্থ্য বৃদ্ধি কৰে। তিয়ঁহ হৈছে হাড়ৰ ঘনত্ব আৰু হাড় ভঙাৰ বিপদাশংকা দূৰ কৰিবলৈ প্ৰয়োজনীয় কেলচিয়ামৰ উৎস। তিয়ঁহে কেলচিয়াম শোষণ উন্নত কৰাত সহায় কৰে, হাড়ৰ পেশীৰ মেৰামতি বৃদ্ধি কৰে।

৩. তিয়ঁহে কৰ্কট কোষৰ বিকাশ প্ৰতিহত কৰাত সহায় কৰে। তিয়ঁহ সমগ্ৰ শৰীৰত কৰ্কট কোষৰ বিস্তাৰ হ্ৰাস কৰে আৰু আমাৰ শৰীৰত কৰ্কট কোষ বিকশিত হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰে।

৪. তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থাকে। তিয়ঁহত থকা ছালফাৰ আৰু চিলিকনে আমাৰ চুলি শক্তিশালী আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰিব পাৰে। তিয়ঁহে চুলি মজবুট কৰাটো সহায় কৰে।

৫. ব্যক্তিৰ শৰীৰত অপৰ্যাপ্ত পৰিমাণৰ পানী আৰু আহাৰৰ আঁহৰ ফলত কোষ্ঠকাঠিন্য ৰোগত ভোগা দেখা যায়। প্ৰত্যেকৰে শৰীৰৰ পানী আৰু আঁহ বোৰ পূৰণ কৰিবলৈ নিয়মিয়াভাৱে তিয়ঁহৰ চালাড খাবলৈ লাগে। তিয়ঁহত থকা পানী আৰু আঁহে কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে।

৬. তিয়ঁহে স্বাস্থ্যৱান আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে। ছাল পাতল কৰা আৰু পুনৰুজ্জীৱিত কৰাৰ বাবে তিয়ঁহ স্থানীয়ভাৱে প্ৰয়োগ কৰিব পাৰি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply