গুৱাহাটী- পানীয়ে হৈছে মানুহৰ প্ৰাণ। আমি জীয়াই থাকিবলৈ পানী অতি প্ৰয়োজন। অতিপাত গৰমত এজন লোকে অত্যন্ত পানী খোৱাৰ প্ৰয়োজন। পর্যাপ্ত পৰিমাণে পানী নাখালে দেহৰ বাবে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

পানীয়ে আমাৰ শৰীৰৰ তেজ প্রস্তুত কৰাকে ধৰি শৰীৰৰ একাধিক গুৰুত্বপূর্ণ কাম কৰে। তদুপৰি পানীয়ে আমাৰ শৰীৰৰ তাপমাত্রা নিয়ন্ত্রণ কৰে, হজমত সহায় কৰে, মেটাবলিজম বা বিপাক ক্রিয়াক ত্বৰান্বিত কৰে। গতিকে কিছু সময় পাছে পাছে পানী খোৱা প্ৰয়োজন। গৰম দিনত কিমান পৰিমাণৰ পানী খাব লাগে জানো আহক-

১/ এজন ব্যক্তিয়ে কিমান পৰিমাণৰ পানী খাব লাগে সেয়া নির্ভৰ কৰে তেওঁৰ ওজন, উচ্চতা আদিৰ ওপৰত। সাধাৰণতে প্রাপ্তবয়স্ক পুৰুষ বা মহিলাই  দৈনিক ৩ৰ পৰা ৪ লিটাৰ পানী খোৱা উচিত। তেতিয়াহে গৰমত শৰীৰটোক সুস্থ কৰি ৰাখিব পাৰিব। অন্যথা,  বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে।

 ২/ ঘৰৰ বাহিৰত থাকিলেও পানী খোৱাৰ পৰিমাণ কম কৰিব নালাগে। আপুনি যদি বেছি সময় ঘৰৰ বাহিৰত থাকে তেন্তে পানী খোৱাৰ মাত্রা বঢ়াওক। যেতিয়াই পিয়াহ লাগে পানী খাওক। ডিঙি বা জিভা শুকাই যোৱালৈকে অপেক্ষা কৰিব নালাগে। তেতিয়াহে শৰীৰটো হাইড্রেট হৈ থাকিব।

৩/ পৰাপক্ষত অত্যধিক গৰমত ডাবৰ পানী খাব পাৰে। ডাবৰ পানীয়ে শৰীৰৰ পি এইচ নিয়মিত কৰি ৰাখে। তদুপৰি ঘৰতে ফল-মূলৰ জুচ প্রস্তুত কৰি খাব পাৰে। ইয়াৰ পৰা ভিটামিন, মিনাৰেল, এণ্টি- অক্সিডেন্ট পোৱা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply