গুৱাহাটী- পদিনা পাতৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জ্ঞাত। খাদ্য সোৱাদযুক্ত আৰু সুগন্ধি কৰাৰ বাবে পদিনা পাত ব্যৱহাৰ কৰা হয়। ইয়াত থকা ছডিয়াম, পটাছিয়াম, ফাইবাৰ, ভিটামিন এ, চি, ডি আৰু কেলছিয়ামে শৰীৰ সুস্থ ৰখাত সহায় কৰে। বিশেষকৈ পদিনা পাতত থকা মেগনেছিয়াম আৰু আইৰণ স্বাস্থ্যৰ বাবে অতি উপকাৰী। পদিনাৰ কেইটামান ব্যৱহাৰৰ বিষয়ে জানো আহক-
১/ পদিনা পাতৰ এয়াৰ ফেছনাৰ :
বৰ্তমান সময়ত এয়াৰ ফেছনাৰ সাধাৰণতে বাহিৰৰ পৰা কিনি অনা হয়। কিন্তু আপুনি ঘৰৰ বাৰীত থকা পদিনা পাতেৰেও এয়াৰ ফ্রেছনাৰ বস্তুত কৰি ল’ব পাৰে। পদিনাৰ পাত এখন চাকা কাপোৰত বান্ধি দুৱাৰৰ ওপৰত বা ঘৰৰ চুকত ওলোমাই ৰাখক। তাৰ সুগন্ধি আপোনাৰ গোটেই ঘৰত বিয়পি পৰিব।

২/ শালমনৰ সমস্যা আঁতৰ কৰে :
নৱপ্ৰজন্মৰ এটা সাধাৰণ সমস্যা হৈছে শালমনৰ সমস্যা। শালমন দূৰ কৰিবলৈ বিভিন্ন ৰাসায়নিক ব্যৱহাৰ কৰিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাযায়। এইক্ষেত্রত পদিনা ব্যৱহাৰ কৰি আপোনাক ভাল ফল দেখুৱাব পাৰে। ইয়াৰ বাবে পদিনা পাতেৰে প্ৰস্তুত কৰা ফেচপেক ব্যৱহাৰ কৰিব পাৰে। পদিনা পাতৰ ফেচপেক প্ৰস্তুত কৰিবলৈ ১০-১৫ টা পদিনা পাতৰ সৈতে দুচামুচ গোলাপজোল মিহলাই পেষ্ট তৈয়াৰ কৰি লওক। এই পেষ্ট ১৫মিনিট মুখত লগাই ৰাখক। কিছুসময় পাছত ঠাণ্ডা পানীৰে মুখখন ধুই ল’ব। এনেদৰে অন্ততঃ দুসপ্তাহ কৰিলে দেখিব শালমনৰ সমস্যা নাইকিয়া হয়।

৩/ মিন্ট ডেজার্ট :
আপুনি যদি পদিনা পাতেৰে প্রস্তুত কৰা মিণ্ট ডেজার্ট খোৱা নাই তেন্তে এবাৰ চেষ্টা কৰি চাব পাৰে। এইবিধ ডেজার্ট প্রস্তুত কৰিবলৈ অতি সহজ। ইয়াৰ বাবে এটা বাটিত লিকুইড চকলেট লৈ তাত পদিনা পাত ৰাখি ডীপ ফ্ৰীজত সুমুৱাই ৰাখক। দুঘণ্টামানৰ পাছত সেইখিনি ব্যৱহাক কৰিব পাৰিব। ইয়াকেই মিন্ট ডেজার্ট বুলি কোৱা হয়।

৪/ ভৰিৰ দুৰ্গন্ধ আঁতৰায়:
পদিনা পাতেৰে ভৰিৰ দুৰ্গন্ধ আঁতৰ কৰিব পাৰি। ভৰিৰ দুৰ্গন্ধ আঁতৰাবলৈ হলে প্রথমে কেইটামান পদিনা পাত অলপ পৰিমাণৰ পানীৰ সৈতে দহমিনিট সময় উতলাই লওক। এইবাৰ তাৰ সৈতে অতিৰিক্ত পানীত যোগ দিয়ক। পানীখিনি কুহুমীয়া গৰম হ’লে এটা বাল্টিত লৈ গোন্ধৰ মিনিট সময় দুয়োভৰি ডুবাই ৰাখক। দৈনিক এই উপায় অৱলম্বন কৰিলে ভৰিৰ দুৰ্গন্ধ নাইকিয়া হয়।
