ৰমজান মাহ উপবাস আৰু আধ্যাত্মিক বিকাশৰ সময় বুলি কোৱা হয়।

ই হৈছে পাঁচটা “ইছলামৰ স্তম্ভ”ৰ ভিতৰত এটা –বাকীকেইটা ক্ৰমে বিশ্বাস, দৈনিক প্ৰাৰ্থনা, ভিক্ষা দান আৰু মক্কা যাত্ৰা ।

ৰমজান মাহ উপলক্ষে প্রায়ভাগ ইছলাম ধৰ্মী লোকে ৰোজা  ৰাখে। মুছলমানসকলে বিশ্বাস কৰে যে আত্মনিয়ন্ত্ৰণ আৰু প্ৰাৰ্থনাৰ জৰিয়তে এই মাহত আত্ম-শুদ্ধি প্রাপ্ত কৰিবলৈ চেষ্টা কৰা হয় ।

ৰোজা ৰখা বা উপবাস এটা সহজ-সৰল ধৰ্মীয় প্রথা,  কিন্তু ইয়াৰ নিয়ম সম্পর্কে কেইবাটাও ভুল ধাৰণা আছে। সেই বিষয়ে জানো আহক :

দাঁত ব্ৰাছ কৰিলে ৰোজা ভংগ হয়-

বহু ইছলামধৰ্মী লোকে ভাবে যে দাঁত ব্ৰাছ কৰিলে ৰোজা ভাঙি যায়। কিন্তু ইছলামী চিন্তাবিদসকলে কয় যে দাঁত ব্ৰাছ কৰিলে ৰোজা ভংগ নহয়। কিন্তু  তেওঁলোকে কম পৰিমাণৰ টুথপেষ্ট বা গছৰ ঠাৰি ব্যৱহাৰ কৰিব পাৰে।

মুখৰ থু বা লেলাৱতি পেটত প্ৰৱেশ কৰিলে ৰোজা ভংগ হয়-

মুখৰ লেলাৱতি পেটত সোমালে ৰোজা ভংগ নহয়। মুখৰ লেলাৱতি পেটত প্ৰৱেশ কৰিলে ৰোজা নহয় বুলি বিশ্বাস কৰাৰ কোনো ভিত্তি নাই,  লেলাৱতি ভিতৰত যোৱাটো এটা অতি স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া, ইয়াৰ দ্বাৰা ৰোজা ভংগ নকৰে।

কেৱল খাদ্য বা পানী নাখালেই ৰোজা নহয়-

কেৱল খাদ্য বা পানী খালে ৰোজা ভংগ হ’ব পাৰে তেনে নহয়। আন কিছুমান কাৰণৰ ফলতো ৰোজা ভংগ হব পাৰে। কিছুমান অপৰাধ জিভাৰ দ্বাৰা হয় যেনে যদি আপুনি কুৎসা ৰটনা কৰে, উৰাবাতৰিত অংশগ্ৰহণ কৰে, কোনো ব্যক্তিক গালিগালাজ কৰে,  তেন্তে ৰোজা ভংগ হয় কোৱা হয়।

বেমাৰৰ ক্ষেত্ৰত দৰৱ সেৱন কৰিলে ৰোজা ভংগ হয়-

চকুৰ ড্রপ,  কাণৰ টোপাল আৰু বেজী ললে ৰোজা ভমগ নহয়। কিন্তু মুখেৰে গ্ৰহণ কৰিব লগা ঔষধবোৰ নিষিদ্ধ। এয়া চেহেৰীৰ আগত আৰু ইফতাৰৰ পিছত খাব লাগিব।

যিকোনো পৰিস্থিতিত ৰোজা-

ইছলাম ধৰ্মত  কেৱল প্রাপ্তবয়স্ক আৰু স্বাস্থ্যৱান লোকসকলৰ বাবে ৰোজা ৰখাতো আৱশ্যক বোলা হয়। শিশু,  ৰুগীয়া ব্যক্তি, শাৰীৰিক আৰু মানসিক দুৰ্বল,  ভ্ৰমণকাৰী,  গৰ্ভৱতী বা শিশুক স্তনপান কৰোৱা মহিলাসকলৰ বাবে ৰোজা ৰখাতো ধৰাবন্ধা নহয়।

অসাৱধানতাবশতঃ কিবা এটা খালে ৰোজা ভাঙি যায়-

যদি আপুনি সঁচাকৈয়ে ভুলবশতঃ বা পাহৰি গৈ কিবা খায়,  তেন্তে আপোনাৰ ৰোজা ভংগ নহয়। অৱশ্যে আপুনি গম পোৱাৰ লগে লগে খোৱা বন্ধ কৰিব লাগিব। কিন্তু নামাজৰ আগেয়ে অজুৰ সময়ত অনিচ্ছাকৃতভাৱে পানী খালে ৰোজা ভংগ হব। সেয়েহে ৰোজা ৰখাৰ সময়ত অজু কৰোঁতে গাৰ্গল নকৰিবলৈ কোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply