মাৰ্ঘেৰিটাঃ লিডুত অসম চাহ জনজাতি ছাত্ৰসন্থাৰ ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী। বাগিছাৰ শ্ৰমিক সকলৰ জলন্ত সমস্যা সমূহৰ সমাধানৰ দাবীত সংগঠনটোৰ শতাধিক শ্ৰমিকে লিডু চাহ বাগিছা কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে, লিডু চাহবাগিছাৰ চিকিৎসালয়খনৰ জৰাজীৰ্ণ ৰূপ লৈছে।
লগতে পঢ়কঃভয়ংকৰ পথ দুর্ঘটনাত নিহত তিৱা ছাত্ৰ নেতা
চিকিৎসালয়খনত নাই এজনো চিকিৎসক। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে৷ শীঘ্ৰেই যদি শ্ৰমিকসকলৰ জলন্ত সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত বিভাগীয় আমোলাই পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অনাগত দিনত জংগী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে ৷