নিউজ ডেস্কঃ জনপ্ৰিয় লেখক ৰূপম দত্তই যোগদান কৰিলে আম আদমী পাৰ্টী।
“লাইফ অব এ ড্ৰাইভাৰ – কেবিনৰ ইপাৰে” লেখক ৰূপম দত্তই আজি অৰবিন্দ কেজৰীৱালৰ আদৰ্শক সন্মান জনাই যোগদান কৰে।
আপৰ ৰাজ্যিক সমন্বয়ক ডা° ভবেন চৌধুৰী, ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকা, ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু অন্যান্য দলীয় বিষয়ববীয়াৰ উপস্থিতিত আপত যোগদান কৰে দত্তয়ে ৷
আপত যোগদান কৰিয়ে, হিমন্ত বিশ্ব শৰ্মাৰ দৰে এক্টিভ মুখ্যমন্ত্ৰী মই আজিলৈকে দেখা নাই বুলি জনপ্ৰিয় লেখক ৰূপম দত্তই মন্তব্য কৰে।
ফেচবুক পোষ্টৰ জৰিয়তে ৰপম দত্তই লিখে যে, “জীৱনত কিছুমান সিদ্ধান্ত ল’ব লগীয়া হয় কিছুমান বিশেষ কথাৰ বাবে। লালসা মোৰ নাই একোলৈ, আছে জীয়াই থকা কালত নিজ মাতৃভূমি আৰু নিজা মানুহবোৰৰ বাবে কিবা অলপ কৰি যোৱাৰ। বহুতৰে লগত মতৰ অমিল হ’ব, সেইয়া সত্য। কিন্তু সময়ে সকলো দেখুৱাই যাব। কথা দিলোঁ মোৰ শুভাকাংক্ষী সকলৰ অন্তৰত দুখ দিয়া কোনো কামেই মই আজীৱন নকৰোঁ। সময়ে সকলো ক’ব অপেক্ষা কৰক। চাওঁ, সময়ে কি কৰে…..” ।
লগতে পঢ়ক – ভুৱা প্ৰশ্নকাকত ফাদিল কৰা ছাত্ৰক আটক নগাঁও আৰক্ষীৰ