গোৰেশ্বৰঃ জীৱনৰ মাথোঁ ২২ টা বসন্ত গৰকিছে কিন্তু হঠাতে দৃষ্টি শক্তি হেৰুৱাই পেলাবলগীয়া হ’ল প্ৰাণজিতে।

বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী পানেৰী সমষ্টিৰ এখন ভিতৰুৱা গাওঁ দহলাহাবিৰ প্ৰাণজিতে দৃষ্টি শক্তি হেৰুৱাই বিগত তিনিটা বছৰে কঠিন জীৱন সংগ্ৰামত যুঁজি আছে।

প্ৰয়াত ৰাজেন দাস আৰু সাৰদা দাসৰ প্ৰথম পুত্ৰ প্ৰাণজিৎ। পিতৃৰ বিয়োগৰ পিছত প্ৰাণজিতে ঘৰ খন চলাই আছিল।

কিন্তু হঠাৎ প্ৰাণজিতক তচনচ কৰি যায় এজাক কাল ধুমুহাই। ২০১৭ চনৰ পৰা চকুৰ ৰোগত ভুগা প্ৰাণজিতে প্ৰায় এবছৰৰ পিছত সম্পূৰ্ণ দৃষ্টিশক্তি হেৰুৱাই পেলায়।

তেওঁৰ বন্ধু বৰ্গৰ লগতে পৰিয়ালে বিভিন্ন স্থানতে চিকিৎসা কৰালে প্ৰাণজিতৰ দৃষ্টি শক্তি ঘুৰাই আনিবলৈ। প্ৰথমে জিএমচিএইচ, গুৱাহাটী শংকৰদেৱ নেত্ৰালয়, গুৱাহাটীৰ বিভিন্ন ব্যক্তিগত চিকিৎসালয়, চেন্নাই, বাংগালুৰু অৱশেষত নেপালতো প্ৰাণজিতক চিকিৎসাৰ বাবে লৈ যোৱা হ’ল।

কিন্তু দৃষ্টি শক্তি ঘূৰি নাহিল প্ৰাণজিতৰ। বহু চকু পানী টুকি এতিয়া জীৱনৰ এই বাস্তৱক স্বীকাৰ কৰি চকুলো টুকিবলগীয়া হৈছে প্ৰাণজিতে।

আৰু পঢ়কঃদুদিন ধৰি অন্ধকাৰত লখিমপুৰ জিলাৰ কদম টেঙাবস্তিতৰ গাঁওবাসী

২০১১ চনৰ খাগ্ৰাবাৰী জনতা হাইস্কুলৰ পৰা মেট্ৰিক আৰু ২০১৩ চনৰ নাওকাটা মিলন হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ‍্যাতিৰে উৰ্ত্তীণ হৈছিল মেধাবী প্ৰাণজিতে।

এতিয়া সময়ৰ সৈতে যুঁজিবলৈ লাহে লাহে শিকাৰ বাদে যেন আন কোনো উপায় হাতত নাই প্ৰাণজিতৰ। আৰ্থিক অনাটনে জুৰুলা কৰা পৰিয়ালটো এতিয়া চলিবলৈ অসুবিধা হৈছে। বিশেষকৈ আংশিক লকডাউনে জুৰুলা কৰি পেলাইছে প্ৰাণজিতৰ ঘৰখনক ।

বিশেষভাৱে সক্ষম সকলৰ বাবে থকা বিভিন্ন আঁচনিৰ সুফল লাভৰ পৰাও বঞ্চিত প্ৰাণজিত।
বহু কষ্ট কৰিও দীনদয়াল দিবাংগ আঁচনিৰ পেঞ্চনটোও লাভ কৰিব পৰা নাই প্ৰাণজিতে।

সেয়েহে চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত এই যুবকজনলৈ সহায় হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লগতে বন্ধুবৰ্গই। কোনো হৃদয়ৱান লোকে সহায় আগবঢ়াব বিচাৰিলে প্ৰাণজিতৰ একাউন্ট নম্বৰ –
৩১৯৩০৬৫১৪৮৮ , আইএফএচচি নম্বৰ- এচবিআইএন ০০১০৪১৩ নম্বৰত সহায় আগবঢ়াব পাৰিব।
আনহাতে ৬০০৩৬ ৩৪২৫৭ এই নম্বৰটোত ফোন কৰি যোগাযোগ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,113 other subscribers

Leave a comment

Leave a Reply