চিলাপথাৰঃ অসম অৰুণাচল সীমান্তৰ লিকাবালিৰ মালিনী ফুলবাৰী গাঁৱত যৌতুকৰ বাবে এগৰাকী বোৱাৰীক স্বামী আৰু শাহুৱে মিলি গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ অপচেষ্টা কৰা এক ঘটনা পোহৰলৈ আহিছে ।
মালিনী ফুলবাৰী গাঁৱৰ বিক্ৰম চাহু নামৰ লোকজনে বিয়াৰ কেইমাহমানৰ পিছৰেপৰাই যৌতুক বিচাৰি পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই আহিছে।
আৰু পঢ়কঃবাক্সাৰ উপৰখুটিত অপহৰণকাৰী আটক
উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে কেইবাবাৰো আৰক্ষীৰ কাষ চাপে যদিও একো সুফল পোৱা নাই। যোৱা ১৪ জুলাইৰ পুৱা শাহু স্বামী মিলি বোৱাৰী গৰাকীক কেৰাচিন ঢালি জ্বলাই দিব খোজাত কোনোমতে পলাই চুবুৰীয়া ঘৰত আশ্ৰয় লৈ প্ৰাণ ৰক্ষা কৰে মহিলাগৰাকীয়ে।
অৱশেষত দুইবছৰীয়া পুত্ৰক লৈ মাতৃ গৃহলৈ গুচি আহে দীৰ্ঘদিনে নিৰ্যাতিতা হৈ অহা বোৱাৰীগৰাকী । ঘটনাৰ সন্দৰ্ভত ১৬ জুলাইত চিলাপথাৰ আৰক্ষী থানাত স্বামী আৰু শাহুৰ ওপৰত এক গোচৰ ৰুজু কৰিছে নিৰ্যাতিতা মহিলাগৰাকীয়ে ।