নিউজ ডেস্ক : ‘মেৰী কম’ ছবিখনত সহ অভিনেত্ৰীৰ ভূমিকা ৰূপায়ণ কৰা মণিপুৰৰ লিন লেইশ্ৰাম (Lin Laishram) নামৰ অভিনেত্ৰী গৰাকীয়ে প্ৰিয়ংকা চোপ্ৰাই মেৰী কমৰ চৰিত্ৰত অভিনয় কৰাকলৈ অসন্তুষ্টি ব্যক্ত কৰিছে।
প্ৰিয়ংকা চোপ্ৰাৰ সলনি উক্ত চৰিত্ৰটোত উত্তৰ-পূবৰ কোনো অভিনেত্ৰীয়ে অভিনয় কৰিব লাগিছিল বুলি লিন লেইশ্ৰামে মন্তব্য কৰে।
উল্লেখযোগ্য যে বক্সিং চেম্পিয়ন এম চি মেৰী কমৰ জীৱনৰ আধাৰত নিৰ্মিত ‘মেৰী কম’ নামৰ বলিউডৰ ছবিখনে ২০১৪ চনত মুক্তি লাভ কৰিছিল। ইয়াত প্ৰিয়ংকা চোপ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত কৰা অভিনয়ৰ বাবে প্ৰিয়ংকা চোপ্ৰাই কেইবাটাও পুৰস্কাৰ লাভ কৰিছিল।
লগতে পঢ়ক : অহা দুবছৰৰ ভিতৰত ৰাইজৰ দল অসমৰ আটাইতকৈ শক্তিশালী আঞ্চলিক শক্তি হৈ উঠিব : অখিল গগৈ
অলপতে বলিউড হাংগামাত হোৱা এক সাক্ষাৎকাৰত লিনে, মেৰা কমৰ চৰিত্ৰটোত তেওঁ নিজেও অভিনয় কৰিব বিচাৰিছিল বুলি উল্লেখ কৰি কয় যে চৰিত্ৰটোত উত্তৰ-পূবৰ এগৰাকী অভিনেত্ৰীৰ পৰিৱৰ্তে প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰা কথাটো ‘হৃদয়বিদাৰক’ আছিল।
ছবিখনৰ নিৰ্মাতাসকলে মেৰী কমৰ চৰিত্ৰটোৰ বাবে সেই ঠাইৰ ওচৰৰ কাৰোবাক নিৰ্বাচন কৰিব পাৰিলে হয়। ‘উত্তৰ-পূবৰ এগৰাকী অভিনেত্ৰীক ল’ব পাৰিলে হয়। আমাৰ বহুত ভাল ভাল অভিনেতা অভিনেত্ৰী আছে। কিন্তু নাই কাষ্টিঙকে ধৰি গোটেই টীমটোৱে বেলেগকহে ঠিক কৰিলে। এয়া হৃদয়বিদাৰক, কিন্তু আমি ওলাই আহিছো আৰু ইয়াৰ পুনৰাবৃত্তি নহ’ব বুলি মই ভাবো,’ তেওঁ কয়।
সাক্ষাৎকাৰটোত লিন লেইশ্ৰামে বলিউডৰ প্ৰায় বিলাক চিনেমাতে উত্তৰ-পূবৰ অভিনেতা-অভিনেত্ৰীসকলক ‘ষ্টেৰিঅ’টাইপ’ ধৰণেৰে বাছনি কৰা হয় বুলি অভিযোগ কৰে।
মেৰী কমৰ উপৰি Axone, Rangoon আদি বলিউডৰ ছবিত অভিনয় কৰা লিন লেইশ্ৰাম এগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেল। ২০২০ চনত নিৰ্মিত Ave Maria নামৰ চুটি ছবিখন লিনে অভিনয় কৰা শেহতীয়া ছবি।