গুৱাহাটী : এতিয়া পৰা আৰু সুৰা ক্ৰয় কৰাৰ বাবে যাব নালাগে সুৰাৰ দোকানত। ঘৰত বহিয়েই গুৱাহাটীবাসীয়ে লাভ কৰিব সুৰা। ৱেব পৰ্টেলৰ জৰিয়তে গুৱাহাটীবাসীয়ে ক্ৰয় কৰিব পাৰিব সুৰা। ইফালে সুৰাৰ হোম ডেলিভাৰীৰ বিৰোধিতা অখিল গগৈৰ।
গুৱাহাটী পৌৰ নিগম এলেকাত সুৰাৰ হোম ডেলিভাৰী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। পৰীক্ষামূলকভাৱে এমাহৰ বাবে হ’ব সুৰাৰ এই হোম ডেলিভাৰী। ৱেব পৰ্টেলৰ জৰিয়তে মহানগৰবাসীয়ে ক্ৰয় কৰিব পাৰিব সুৰা। আবকাৰী বিভাগে অধিক ৰাজহ সংগ্রহৰ লক্ষ্যৰে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ বাবে এই আঁচনি গ্রহণ কৰিছে৷
ইতিমধ্যে আবকাৰী বিভাগে ইয়াৰ বাবে হোম ডেলিভাৰী বিধি প্রস্তুত কৰিছে৷ প্রথমে পৰীক্ষামূলকভাৱে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী দিয়া হ’ব৷ আবকাৰী বিভাগে বিচৰা ধৰণে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী সফল হয়, তেন্তে পৰৱর্তী সময়ত অন্যান্য জিলাসমূহতো সুৰাৰ হোম ডেলিভাৰী সেৱা প্রদান কৰা হ’ব।
লগতে পঢ়ক : পৃথিবীলৈ অশনি সংকেত: কানাডাত ঘাতক তাপপ্ৰবাহ
ইফালে চৰকাৰৰ সুৰাৰ হোম ডেলিভাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে সুৰাৰ নহয় ভেকচিনৰ হোম ডেলিভাৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে।
চৰকাৰৰ সুৰাৰ হোম ডেলিভাৰীৰ সিদ্ধান্তক আদৰণি জনাইছে বিজেপিৰ মিত্ৰদল অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। তেওঁ কয়, “কিছু লোকে মেডিচিন হিচাপেও সুৰা ব্যৱহাৰ কৰে। মেডিচিন হিচাপে ব্যৱহাৰ কৰাসকলৰ বিষয়ে চিন্তা কৰি চৰকাৰে সিদ্ধান্ত লৈছে।”
উল্লেখ্য যে ৰাজ্য চৰকাৰে সুৰাৰ হোম ডেলিভাৰী কৰিবলৈ বুধবাৰে কেবিনেটত সিন্ধান্ত লোৱাৰ পিছতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধীয়ে বিৰোধ কৰাৰ বিপৰীতে শাসক পক্ষই আদৰণি জনাইছে এই সিদ্ধান্তত। নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে অনলাইন সুৰা বিক্ৰীৰ ব্যৱস্থা এই কাৰণে কৰা হৈছে যাতে কভিড নিয়ন্ত্ৰণ হয়।মানকাচৰৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “সুৰাৰ হোম ডেলিভাৰীত আচৰিত হ’বলগীয়া একো নাই। কাৰণ লকডাউনত সুৰাৰ বিপণী খুলি চৰকাৰে দেখুৱাই দিছিল তেওঁলোকৰ ইচ্ছা।” ড্ৰাগছৰ দৰে সুৰাও মাৰাত্মক, গতিকে “সুৰাৰ হোম ডেলিভাৰী উচিত সিদ্ধান্ত নহয়”