বঙাইগাঁও – সুৰা সৰবৰাহকাৰীৰ ৰূপত ভুৱা সেনা জোৱান। কটকলৈ ৰে’ল যোগে অৰুণাচলী সুৰা সৰবৰাহকৰা দুজন ভুৱা সেনা জোৱান ৰে’ল আৰক্ষীৰ জালত পৰিল। নিউ বঙাইগাঁও জংচনত ৰে’ল আৰক্ষীৰ অভিযানত আটক হ’ল ভুৱা সেনা জোৱান দুজন।
ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে নিউ বঙাইগাঁৱত আটক হৈছে দুজনকৈ ভুৱা সেনা জোৱান। নিউ বঙাইগাঁও জংচনত জি আৰ পি এফ আৰু আৰ পি এফৰ জোৱানে যুটীয়া অভিযান চলাই দুজন ভুৱা সেনা জোৱানক বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ আটক কৰে।
নামনিমুৱা ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছত অভিযান চলাই ৰে’ল আৰক্ষীয়ে সুশান্ত প্ৰধান আৰু দেৱ প্ৰধান প্ৰসাদ নামৰ ভুৱা সেনা দুজনক আটক কৰিবলৈ সক্ষম হয়। ৰেল আৰক্ষীয়ে ভুৱা সেনা জোৱান দুজনৰ কবলৰ পৰা ১৩৪ বটল অৰুণাচলী সুৰা উদ্ধাৰ কৰে।
অভিযানকাৰী ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়ে যে ভুৱা সেনা জোৱান দুজনে অৰুণাচলী সুৰাসহ কটকলৈ যাত্ৰা কৰিছিল। বৰ্তমান ৰেল আৰক্ষীয়ে আটক কৰা ভুৱা সেনা জোৱান দুজনক অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে।