ডবকাঃ ডবকা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা।

এক গোপন সূত্ৰৰ ভিত্তিত ডবকা আৰক্ষী বিষয়া কবীৰ সিং লিম্ভুৱে ডবকা নগৰৰৰ ৬নং ৱাৰ্ডৰ গোপাল দেব নামৰ এগৰাকী ব্যক্তিৰ ঘৰত অভিযান চলায়।

অভিযানত গোপাল দেবৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা।

ইফালে আৰক্ষী অহাৰ উমান পাই গোপাল দেবে ঘৰৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে সুৰাখিনি জব্দ কৰাৰ লগতে গোপালক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে , দীৰ্ঘদিনৰে পৰা এই অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িত হৈ আছিল ব্যক্তিজন।

আৰু পঢ়কঃডবকাত পত্নীৰ কোঠাৰৰ ঘাপত গুৰুত্ব ভাৱে আহত স্বামী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply