প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

কাৰ্বিআংলং- নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে অসমৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য়। শুকুৰবাৰে কাৰ্বি আংলংৰ দেওপানী মা দুৰ্গা মন্দিৰৰ সমীপত কাৰ্বি আংলংজিলা দুৰ্নীতি বিৰোধী যুৱ শক্তি আৰু আবকাৰী বিভাগে যুটীয়া অভিযান চলাই জব্দ কৰে বহু পৰিমানৰ বিলাতী সুৰা আৰু চুলাই মদ।
বিগত দিন ধৰি দেওপানী মা দুৰ্গা মন্দিৰৰ চৌদিশে অবৈধ ভাৱে গঢ়ি উঠিছে চুলাইমদ, বিলাতী সুৰাকে ধৰি লালিগুৰৰ অবাধ প্ৰচলন। দেওপানী, শান্তিপুৰ, খেকৰাজান আদি অঞ্চলত এচাম অসাধু ব্যৱসায়ীয়ে মুকলিকৈ চুলাইমদৰ ব্যৱসায়ত নামি পৰিছে।
অসাধু ব্যৱসায়ীসকলৰ এই কাৰ্যত চিন্তিত হৈ পৰিছে স্থানীয় লোক সকল। বিশেষকৈ অবৈধ্য চুলাই মদ সমূহে সমাজ খনক যি ধৰণে কলুষিত কৰি আহিছে সেইটো সকলোৰে বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ শুকুৰবাৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বিআংলং জিলা সমিতি আৰু আবকাৰী বিভাগে আকস্মিক ভাৱে চলোৱা এই যুটীয়া অভিযানত এতিয়া স্বস্তিৰ নিশ্বাস পেলাই স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply