নিউজ ডেস্ক– নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি প্ৰশাসন ব্যৱস্থাও কঠোৰ হৈ পৰা দেখা গৈছে।
কৰিমগঞ্জৰ চুড়াইবাৰীত অসম আৰক্ষীৰ অভিযানত জব্দ কেইবালাখ টকাৰ নিচাযুক্ত টেবলেট।
বৃহস্পতিবাৰে আৰক্ষীয়ে এখন চাৰিচকীয়া বাহনৰ পৰা উদ্ধাৰ কৰে ১০হাজাৰ টেবলেট।
বাহনখনৰ নং এছ ১১ ইউ ১৪৯৬। টেবলেটখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ৫০লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ইফালে লখিমপুৰ জিলাৰ হাৰমতীত আজি আবকাৰীয়ে জব্দ কৰে পোন্ধৰ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা।
আৰু পঢ়কঃ বুটমাহত বিষক্ৰিয়া হৈ হোজাইত একে পৰিয়ালৰে দুটা শিশুৰ মৃত্যু
AS09AC 5833 নম্বৰৰ এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি।
ট্ৰাকখনৰ নিৰ্দিষ্ট নথি পত্ৰৰ উপৰিও বাধ্যতামূলক মূলক ভাবে থাকিব লগা ডিজিটেল লক নথকাৰ বাবেই ট্ৰাকখন জব্দ কৰা হয়।