নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে নিগম নিকায় সমূহৰ অধ্যক্ষ পদৰ বাবে শাসকীয় দলৰ বিধায়ক তথা দলীয় নেতা সমূহৰ নাম চূড়ান্ত কৰিছে | পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ দিনত নিযুক্তি পোৱা বহুজনৰ নাম চূড়ান্ত কৰিছে যদিও বিভাগ সমূহ সলনি কৰিছে | চূড়ান্ত তালিকাখন আগন্তুক উপ নিৰ্বাচনৰ পিছতহে ঘোষণা কৰিব |

এইবাৰৰ তালিকাত স্থান লাভ কৰা সকলৰ ভিতৰত অগপ বিধায়ক
ৰমেন্দ্ৰ নাৰায়ন কলিতাক এমট্ৰনৰ অধ্যক্ষৰ পদ দিয়া হৈছে | দীৰ্ঘদিনৰ পৰা মন্ত্ৰীত্বৰ পদৰ বাবে আশাত থকা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ বাবে নাম চূড়ান্ত কৰিছে |

লগতে পঢ়কঃটীয়কত যুৱকে পিতৃৰ স্মৃতিত ৰাইজৰ সুবিধাৰ্থে দান কৰিলে এম্বুলেঞ্চ

সৰ্বানন্দ সোনোৱালৰ দিনত জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ দায়িত্বত থকা পবিত্ৰ মাৰ্ঘেৰিটাক ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব হিচাবে দায়িত্ব দিবৰ বাবে সাজু হৈছে | পূৰ্বতে এইটো পদবীত থকা লক্ষ্য কোঁৱৰক পৰ্ট অথৰিটী অব অসমৰ অধ্যক্ষৰ দায়িত্ব দিবলৈ সাজু হৈছে | বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাক হাউছফেডৰ অধ্যক্ষৰ দায়িত্ব দিবলৈ ওলাইছে | সৰ্বানন্দ সোনোৱাল শিবিৰৰ অন্যতম সদস্য প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাক পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিবলৈ ওলাইছে | পূৰ্বতে এই দায়িত্বত আছিল জয়ন্ত মল্ল বৰুৱা |

থাওৰা সমষ্টি নতুনকৈ বিজেপিত যোগদান কৰা সুশান্ত বৰগোঁহাইক এৰি দিব লগা হোৱা প্ৰাক্তন বিধায়ক কুশল দুৱৰীক পয়:প্ৰণালী পৰিষদ অধ্যক্ষৰ দায়িত্ব দিবলৈ ওলাইছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply