ৰাজ্য চৰকাৰে ২০২১-২২ বৰ্ষৰ বাবে ইতিমধ্যে নিৰ্বাচিত কৰা সাহিত্যিক পেঞ্চনাৰসকলৰ নাম আজি ধেমাজীত ঘোষণা কৰে ৷ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সংবাদমেল যোগে ঘোষনা কৰে সাহিত্যিক পেঞ্চন লাভ কৰাসকলৰ নাম । আজি ঘোষণা কৰা পেঞ্চনাৰসকলৰ মুঠ ২৩ জনক অহা ৭ ডিচেম্বৰত হোমেন বৰগোহাঁইৰ জন্ম দিৱসৰ দিনা এই বটাঁসমূহ প্ৰদান কৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷
কাছাৰ জিলাৰ বৰাকৰ সাহিত্যিক জ্যোতিলাল চৌধুৰী , চৰাইদেউ জিলাৰ লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক ড° অনিল শইকীয়া , ধেমাজি জিলা পৰা মিচিংভাষাৰ সাহিত্যিক কালিনাথ পাংগিং , গোৱালপাৰা জিলাৰ গোৱালপাৰা ইতিহাসলেখক আৰু সাহিত্যিক দিলীপ কুমাৰ শৰ্মা , গোলাঘাট জিলাৰ ২৫ বছৰ ধৰি জননী নামৰ চাহ জনগোষ্ঠীৰ পত্ৰিকাৰ সম্পাদক মাখনলাল বাঢ়ৈ ।
যোৰহাট জিলাৰ চাহজনগোষ্ঠীলোৰ বিশিষ্ট লেখক মানিকলাল মাহাতো , কামৰূপ মেট্ৰো জিলাৰ সংস্কৃতি/ থিয়েটাৰৰ গৱেষক লেখক বিনোদ ভাগৱতী , কামৰূপ মেট্ৰো জিলাত চিনেমাৰ লিখনিৰে ৰাষ্ট্ৰীয় বটাঁ প্ৰাপক উৎপল দত্ত , কামৰূপ মেট্ৰো জিলাৰ কটন কলেজ খ্যাত ঔপন্যাসিক নবীন কুমাৰ বৰুৱা , কামৰূপ মেট্ৰো জিলাৰ সংস্কৃত পণ্ডিত / লেখক ৰাজেন্দ্ৰ নাথ শৰ্মা ,কামৰূপ মেট্ৰো জিলাৰ শক্তিশালী গল্পকাৰ দিপাংকৰ ৰঞ্জন কৰ , কামৰূপ মেট্ৰো জিলাৰ অসমীয়া আৰু বাংলা ভাষাৰ সাহিত্যিক তুষাৰ কান্তি চাহা , কামৰূপ মেট্ৰো জিলাৰ বিশিষ্ট গল্পকাৰ তপন দাস , কামৰূপ মেট্ৰো জিলা লেখক গৱেষক নীলমোহন ৰয় ।
কামৰূপ মেট্ৰো জিলাৰ জীৱন জোৰা সাধনাৰ বাবে ড° লক্ষ্যহীৰা দাসক , কাৰ্বি আংলং জিলাৰ বড়ো ভাষা আৰু সাহিত্যিৰ কাণ্ডাৰী বিশ্বেশ্বৰ বসুমতাৰী , কাৰ্বিআংলং জিলাৰ সাহিত্য একাডেমী বটাঁ প্ৰাপক অৰবিন্দ উজীৰ , কাৰ্বিআংলং জিলাৰ কাৰ্বি ভাষাৰ লেখক মণ্ডল সিং বে , কোকোৰাঝাৰ জিলাৰ জীৱনজোৰা সাধনা/ বুৰঞ্জী প্ৰণেতা বানেশ্বৰ বসুমতাৰী।
কোকোৰাঝাৰ জিলাৰ পদ্মশ্ৰী বটাঁ প্ৰাপ্ত/সাহিত্য একাডেমীবটাঁ প্ৰাপ্ত ড° মংগল সিং হাজোৱাৰী , শোনিতপুৰ জিলাৰ আজীৱন সাধনাৰ বাবে ৰঞ্জু হাজৰিকা ( কুমুদ চন্দ্ৰ হাজৰিকা ) ,ওদালগুৰি জিলাৰ সাহিত্য একাডেমী বটাঁ প্ৰাপ্ত নবীন মল্ল বড়ো , আৰু বৰপেটা জিলাৰ বৰপেটা বিশিষ্ট লেখক লক্ষ্মীকান্ত দাস।
লগতে পঢ়ক- চোৰাংচোৱাৰ ভুল তথ্যৰ বাবেই নাগালেণ্ডত সেনাৰ গুলীত ১৪ গৰাকী নিৰীহ গাওঁবাসীক হত্যা