লখিমপুৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ অঘটন। শিশুৰ আই চি ইউ কক্ষৰ বেবী ৱাৰ্মাৰ প্লাগত লাগিল জুই। বৈদ্যুতিক বিসংগতিৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।  আই চি ইউত চিকিৎসাধীন হৈ আছিল নৱজাতককে ধৰি প্ৰায় অৰ্ধশতাধিক শিশু। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে আটাইকেইটা শিশুৰ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে হস্পিতালখনত নৱজাতক সালসলনিৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে চিকিৎসকৰ ভুলৰ বাবে এগৰাকী প্ৰসূতিৰো মৃত্যু হৈছিল। আজি পুনৰ হস্পিতালখনত সংঘটিত হ’ল আন এক ভয়ংকৰ ঘটনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply