পল্লব মিলি, লখিমপুৰঃ লখিমপুৰ মেডিকেল কলেজত এগৰাকী গৰ্ভস্থ সন্তানসহ প্ৰসূতীৰ মৃত্যুৰ পাছত নিলম্বন সহকাৰী অধ্যাপক ডাঃ ত্ৰিনয়ন মিলিক। চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে এক নিৰ্দেশ জাৰি কৰিছে, য’ত ডাঃ মিলিক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।
প্ৰসূতীগৰাকীৰ মৃত্যুৰ পাছত সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ আজি পুৱাই লখিমপুৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। তদন্তৰ পাছতে নিলম্বন কৰা হয় চিকিৎসক ত্ৰিনয়ন মিলিক।
উল্লেখ্য যে, উল্লেখ্য যে, যোৱা ৩১ মে’ত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰসূতী গৰাকীক আৰু ২ জুনত অস্ত্ৰোপচাৰ কৰাৰ দিন ধাৰ্য কৰিছিল চিকিৎসকে। কিন্তু সন্তানসহ প্ৰসূতী গৰাকীৰ অস্ত্ৰোপচাৰ কক্ষতে মৃত্যু হৈছিল। মৃত মহিলাগৰাকীৰ স্বামী প্ৰাণে পাটগিৰিয়ে লখিমপুৰ সদৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।