লখিমপুৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলাস্বৰূপ। চিকিৎসাসেৱাৰ গাফিলতিত এগৰাকী প্ৰসূতিয়ে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনা পোহৰলৈ আহিছে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত গৰ্ভস্থ সন্তানসহ এগৰাকী প্ৰসূতিৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
৩১মে’ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত গহপুৰৰ ৰঙাজুৰি গাঁৱৰ প্ৰাণে পাটগিৰিৰ গৰ্ভৱতী পত্নী কইনা পাটগিৰিক ভৰ্তি কৰোৱা হৈছিল। ২জুনত অস্ত্ৰোপচাৰৰ বাবে মহিলাগৰাকীক OT ত ভর্তি কৰোৱা হৈছিল। কিন্তু বিদ্যুৎ নথকা আৰু জেনেৰেটৰত ইন্ধন নথকাত ছিজাৰীয়ান সম্পন্ন নহ’ল মহিলাগৰাকীৰ। ফলত গৰ্ভৰ সন্তান সহ প্ৰসূতি গৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্বামী আৰু পৰিয়ালৰ লোকে।
এই অভিযোগ তুলি দুৰ্ভগীয়া পৰিয়ালটোৱে লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। অতি শীঘ্ৰে এই সন্দৰ্ভত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন দল সংগঠনৰ নেতাই আহ্বান জনাইছে। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।