হাটশিঙিমাৰী : হাটশিঙিমাৰীত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ জিলা ভিত্তিক ঋণ শিবিৰ। জিলাখনৰ ৩৪৯ টা আত্মসহায়ক গোটক ১৬ কোটি টকাৰ ঋণ প্ৰদান। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী জিলা প্ৰেক্ষাগৃহত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ জিলা ভিত্তিক ঋণ শিবিৰ অনুষ্ঠিক কৰি জিলাখনৰ তিনিটা উন্নয়ন খণ্ডৰ অধীনত থকা মুঠ ৩৪৯ টা মহিলা আত্মসহায়ক গোটক প্ৰায় ১৬ কোটি টকাৰ ঋণ প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰকল্প প্ৰবন্ধক গোটৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ এই জিলা ভিত্তিক ঋণ শিবিৰত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মুখ্য পৰিচালক বিষয়া ডাঃ হিমাদ্ৰী কোচ, ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক দ্বীপাঙ্কৰ বৰুৱা, দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া দুলাল দেৱনাথ, দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নুৰ ইছলাম, মানকাচৰ খণ্ড উন্নয়ন বিষয়া কৌশিক দাস, ফেকামাৰী খণ্ড উন্নয়ন বিষয়া তুলসিৰাম কলিতাৰ লগতে বিভিন্ন বেংকৰ প্ৰবন্ধক সকল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই ঋণ শিবিৰত অংশগ্ৰহন কৰা প্ৰায় পাঁচ শতাধিক আত্মসহায়ক গোটৰ মহিলা সকল উপস্থিতিত জিলাখনৰ তিনিখন উন্নয়ন খণ্ডৰ অধীনত থকা মুঠ ৩৪৯ টা আত্মসহায়ক গোটক ৫ লাখকৈ টকাৰ চেক বিতৰণ কৰে।
লগতে পঢ়ক : ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা
ঋণ মেলাৰ জৰিয়তে ৩৪৯ টা আত্মসহায়ক গোটক প্ৰায় ১৬ কোটি টকাৰ ঋণ বিভিন্ন বেংকৰ পৰা প্ৰদান কৰাৰ লগতে ইতিমধ্যে ঋণ লৈ নিয়মমতে ঋণ পৰিশোধ কৰা আত্মসহায়ক গোটক বঁটাৰে সম্বৰ্ধনা জনোৱা হয়। জিলাখনৰ এই আত্মসহায়ক গোট কেইটা চৰকাৰীভাৱে এই ঋণ লাভ কৰি নিজকে স্বাৱলম্বি কৰি তুলিবলৈ সক্ষম হ’ব বুলি অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ সঞ্চালিকা গৰাকীয়ে মত প্ৰকাশ কৰে।