নিউজ ডেস্ক – অহা ৬ অক্টোবৰত BTRত স্থানীয় বন্ধ ঘোষণা। প্ৰয়াত বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ প্ৰতি সন্মান জনাই এই স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। সেই অনুসৰি কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰত বন্ধ থাকিব শিক্ষানুষ্ঠানৰ লগতে চৰাকাৰী কাৰ্যালয়।

উল্লেখ্য যে, ৩ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰিছিল মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীয়ে। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। মাজবাট সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল বসুমতাৰী।

২০০১ আৰু ২০০৬ চনত একেৰাহে দুবৰাকৈ সমষ্টিটোৰ নেতৃত্ব দিছিল কৰেন্দ্ৰ বসুমতাৰীয়ে। বিগত কিছুদিন ধৰি তেওঁ অসুস্থতাত ভুগি চিকিৎসাধীন হৈ আছিল বি বৰুৱা কেন্সাৰ হাস্পতালত। তাতেই সোমবাৰে বিয়লি ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply