হোজাই : হোজাইত ৰাইজে আটক কৰিলে এজন মিঠাতেল চোৰক। এখন দোকানৰ পৰা মিঠাতেল চুৰ কৰি অন্য এখন দোকানত বিক্ৰী কৰিবলৈ যাওঁতে ৰাইজৰ হাতত ধৰা পৰে মিঠাতেল চোৰ। দীর্ঘদিন ধৰি ধৃত মিঠাতেল চোৰজনে এখনৰ দোকানৰ পৰা মিঠাতেল চুৰ কৰি অন্য দোকানত বিক্ৰী কৰি আহিছিল।
দেওবাৰে পুৱাৰ ভাগত হোজাইৰ উদয়পুৰ গোচৰাবস্তিত ৰাইজে এজন মিঠাতেল চোৰক আটক কৰে। ৰাজু দাস নামৰ মিঠাতেল চোৰজনে এখন দোকানৰ পৰা ৭ কাৰ্টুন মিঠাতেল চুৰ কৰি অন্য এজন দোকানত বিক্ৰীৰ বাৰে চেষ্টা চলাওঁতে ৰাইজৰ হাতত ধৰা পৰে। পূৰ্বেও হোজাইত এজন মিঠাতেল চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
লগতে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয়ৰ পথাৰ দিৱস উদযাপন
ৰাইজে ৰাজু দাসক মিঠাতেলসহ আটক কৰি উত্তম মাধ্যম সুধাই আৰক্ষীক গতাই দিয়ে। ৰাইজে চুৰিৰ ৭ কাৰ্টুন মিঠাতেল আৰু মিঠাতেল কঢ়িয়াই অনা অটোভেন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে। ৰাজু দাসে হোজাইৰ বিভিন্ন অঞ্চলত মিঠাতেল চুৰি কৰি গাঁওখনৰ দোকানত বিক্ৰী কৰি আহিছিল।