ৰূপহীহাট : ৰূপহীহাটৰ ৰাইজৰ বিশেষ সাফল্য। আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰিলে দেখুৱালে ৰূপহীহাটৰ ৰাইজে। দুৰ্ধষ ডকাইত এজনক ৰূপহীহাটৰ ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক।

দেওবাৰে ৰূপহীহাটৰ ৰাইজে আৰক্ষীয়ে কৰিব নোৱাৰা এক কাম কৰি দেখুৱালে। ৰাইজে এজন দুৰ্ধষ ডকাইতক অস্ত্ৰসহ আটক কৰি আৰক্ষীক গতাই দিয়ে। ৰূপহীহাটৰ গেৰেকীত আজিকুল ইছলাম নামৰ এজন দুৰ্ধষ ডকাইতক ৰাইজে আটক কৰি উত্তম মাধ্যম শোধাই গছত বান্ধি থয়।

ৰাইজে ডকাইতজনৰ কবলৰ পৰা এটা পিষ্টল আৰু দুই জাঁই সক্ৰিয় গুলীও উদ্ধাৰ কৰে। ৰাইজে ঘটনা সংক্ৰান্তত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডকাইত জনক নিজৰ জিম্মালৈ লয়। উল্লেখ্য যে আজিকুল ইছলাম নামৰ ডকাইতজন পূৰ্বেও ৰঙাঘৰৰ আলহী আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply