ৰঙিয়া : চৰকাৰে কৰিব নোৱাৰা কাম ৰাইজে কৰি দেখুৱালে। ৰঙিয়াৰ ধেপাৰগাঁৱত ৰাইজে মেৰামতি কৰিলে ধেপাৰগাঁও-বগৰীবাৰী গড়কাপ্তানী পথ। যাতায়তৰ সমস্যাত জুৰুলা ধেপাৰগাঁও আৰু বগৰীবাৰীৰ ৰাইজে দিনে-নিশাই শ্ৰমদান কৰি যাতায়তৰ বাবে প্ৰায় ২০০ ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলঙ সাজি উলিয়ালে।

যাতায়তৰ নামত দুৰ্ভোগ ভুগি অহা লোকসকলে বানে খহাই নিয়া পথৰ বৃহৎ অংশত বাঁহৰ দলঙ নিৰ্মাণ কৰাৰ পিছত আনন্দত উৎফুল্লিত হৈ পৰে।এবছৰ পূৰ্বে ধেপাৰগাঁৱত পুঠিমাৰী নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল। তাৰ পিছতে ধেপাৰগাঁও-বগৰীবাৰী সংযোগী পথৰ প্ৰায় ২০০ ফুট দৈৰ্ঘ্য পথ পুঠিমাৰী নৈৰ বানে উটুৱাই নিছিল।

ফলত সম্পুৰ্ণৰূপে যাতায়ত বন্ধ হৈ আছিল পথটোৰে। কৰোবাত যদি এককাল পানী আন কৰোবাত আকৌ এবুকু বানৰ পানীয়ে প্লাবিত কৰি ৰাখিছিল পথটো। যাৰ ফলত ব্যাপক সমস্যাৰ সৃষ্টি হৈছিল অঞ্চলবাসী ৰাইজৰ। ৰঙিয়া সমষ্টিৰ ধেপাৰগাঁও অঞ্চলৰ মুল পথটো বানে খহাই নিয়াৰ এবছৰ পিছতো মেৰামতি নকৰিলে চৰকাৰে।

যাৰ বাবে বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছিল। যাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়তৰ নামত যমৰ যাতনা ভুগিব লগা হৈছে। বিশেষকৈ অঞ্চলটোলৈ এম্বুলেঞ্চ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

লগতে পঢ়ক : গছৰ পাতত চিত্ৰ অংকন কৰি সমাদৃত তামুলপুৰৰ মেধাবী ছাত্ৰী ডিম্পী বৰ্মন

উপায় বিহীন হৈ অৱশেষত ৰাইজে নিজেই ওলাই আহি শিশু, পুৰুষ-মহিলা সকলোৱে লগ লাগি পথ মেৰামতিৰ কাম কৰে। ৰাইজে গাঁঠিৰ ধন ভাঙি শ্ৰমদান কৰি বাঁহৰ দলংখন নিৰ্মাণ কৰে। অতিশীঘ্ৰে পথটো মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply