নিউজ ডেস্কঃ শেহতীয়া কমেডী ছবি ‘লোকেল উৎপাত’ৰ প্ৰশংসনীয় পৰ্যালোচনাত উচ্ছ্বসিত হৈ ছবি নিৰ্মাণ কৰা দলটোৱে এতিয়া ফিল্মখন এনে ঠাই সমূহলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে য’ত কোনো ছবিগৃহ নাই। লগতে তেওঁলোকে ছবিখনক অসমৰ বাহিৰতো মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। বিশেষকৈ দিল্লী, মুম্বাই, কলকাতা আৰু বেংগালুৰুৰ দৰে মহানগৰত।
মিছন চাইনা, কাঞ্চনজংঘা, ভিলেজ ৰ’কষ্টাৰ্ছ, ৰত্নাকৰৰ দৰে জনপ্ৰিয় অসমীয়া ছবিৰ লীগত যোগদান কৰি লোকেল উৎপাতে বক্স অফিচত চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছে। কেনী বসুমতাৰীৰ দ্বাৰা পৰিচালিত এই কমেডী ছবিখনে ইয়াৰ প্ৰথম সপ্তাহৰ ভিতৰতে ৰণবীৰ সিং অভিনীত ‘জয়েশভাই জৰ্দাৰ’ৰ লগতে ‘ডাক্তৰ ষ্ট্ৰেঞ্জ’ দুয়োখন ছবিতকৈ অধিক উপাৰ্জন কৰিছে।

মিতালী ফিল্মছৰ ডিষ্ট্ৰিবিউটৰ সুকান্ত পলে এই বিষয়ে কয়- “নিশ্চিতভাৱে তিনিওখন চলচ্চিত্ৰৰ ভিতৰত লোকেল উৎপাতেই সৰ্বোচ্চ টিকট বিক্ৰী কৰাত সক্ষম হৈছে। জনসাধাৰণৰ চাহিদা ইমানেই বেছি আছিল যে প্ৰায় সকলো ছবিগৃহতে দৰ্শনী বৃদ্ধি কৰিব লগা হৈছিল।” ইফালে, দলটোৰ পৰৱৰ্তী পদক্ষেপ হ’ল এতিয়া ছবিখনক এনে ঠাইলৈ লৈ যোৱাৰ উপায় বিচৰা য’ত কোনো ছবিগৃহ নাই।
“অসমত ছবিগৃহ নথকা বহু ঠাই এতিয়াও আছে। আমি ছবিখনক সেই ঠাইবোৰলৈ লৈ যোৱাৰ উপায় বিচাৰিছো যাতে তাত থকা লোকসকলেও এই আমোদজনক মুহূৰ্তবোৰ উপভোগ কৰিব পাৰে”- পৰিচালক কেনী বসুমতাৰীয়ে কয়। ছবিখনত কিছুমান শ্ৰেষ্ঠ সংলাপৰ বক্তা বিভাষ সিনহাই কয়- “ৰাইজে আমাৰ ওপৰত বৰষুৱা মৰমত আমি আপ্লুত হৈছো। মোলৈ বহুতো দৰ্শকৰ ফোন আৰু মেছেজ আহি আছে৷ অসমবাসীলৈ ধন্যবাদ।”
প্ৰসংগক্ৰমে, লোকেল উৎপাতৰ সফল মুক্তিৰ ঠিক মাজভাগতে, দিল্লী বেলী খ্যাত অভিনয় দেওৰ দ্বাৰা পৰিচালিত জি ষ্টুডিঅ’ৰ এখন ধাৰাবাহিকত অভিনয় কৰিবলৈ, কেনীয়ে দুদিনীয়া শ্বুটিঙৰ বাবে কলকাতালৈ ৰাওনা হ’বলগীয়া হৈছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁৰ দুটা দৃশ্য আছিল কৰিশ্মা কাপুৰৰ সৈতে। নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি কেনী বসুমতাৰীয়ে কয়- “শৈশৱৰ পৰাই ইমান ডাঙৰ তাৰকা হিচাপে দেখা এগৰাকী শিল্পীৰ সৈতে অভিনয় কৰাটো মোৰ বাবে যথেষ্ট কঠিন আছিল, কিন্তু মই নিজৰ লাইনবোৰ বহুবাৰ আখৰা কৰিছিলো যাতে মই সেইবোৰ পাহৰি নাযাওঁ। পৰিচালক অভিনয় দেও মোৰ অভিনয়ত যথেষ্ট সুখী হৈছিল।”
লোকেল উৎপাতে এতিয়া বেছিভাগ ছবিগৃহত ইয়াৰ দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰিছে। bookmyshow.comত চলচ্চিত্ৰখনৰ ৯৭% অত্যন্ত উচ্চ ৰাজহুৱা ৰেটিং আছে। কেইবাজনো দৰ্শকে জনাইছে যে তেওঁলোকে ইতিমধ্যে ছবিখন একাধিকবাৰ চাইছে। দৰ্শকসকলে এই কথাও সদৰি কৰে যে সুদীৰ্ঘ দুবছৰৰ মুৰত, তেওঁলোকে একেৰাহে দুঘণ্টা ধৰি জোৰেৰে হাঁহিবলৈ সুযোগ পাইছে। লোকেল উৎপাতৰ সফলতাৰ সন্দৰ্ভত পৰিচালক কেনী বসুমতাৰীয়ে কয়, “আমাৰ ছবিখন হিট কৰাৰ বাবে মই অসমৰ জনসাধাৰণৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। আমি নিশ্চিত আছিলো যে ছবিখনে ভাল প্ৰদৰ্শন কৰিব, কিন্তু জনসাধাৰণৰ পৰা পোৱা সঁহাৰি আমাৰ আশাৰ দুগুণতকৈও অধিক।”
বক্স অফিচত ছবিখনৰ প্ৰথম সপ্তাহৰ সংগ্ৰহ প্ৰায় ৪০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে, যাৰ প্ৰায় আধা ছবিগৃহলৈ যাব। “এই সফলতাৰ মূল ফলাফল হৈছে যে মই মোৰ পৰৱৰ্তী চলচ্চিত্ৰখনৰ বাবে কাকো টকা বিচাৰিব নালাগে আৰু মই কোনো হস্তক্ষেপ নোহোৱাকৈ মই বিচৰা ধৰণে ইয়াক বনাব পাৰিম।”- কেনীয়ে লগতে কয়।
চলচ্চিত্ৰখনৰ নিৰ্মাতাসকলে দিল্লী, নয়ডা, মুম্বাই, খাৰঘৰ, বাংগালুৰু আৰু কলকাতাত লোকেল উৎপাত ছবিখন ২৭ মে’ত এসপ্তাহৰ বাবে মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। কেনীয়ে কয়, “নিশ্চিতভাৱে আমি সেই মহানগৰসমূহত প্ৰচাৰ কৰিব নোৱাৰিম, আমি আশা কৰিছো যে সেই চহৰসমূহৰ অসম সংগঠন আৰু গোটসমূহে এই কথা প্ৰচাৰ কৰাত আমাক সহায় কৰিব।”