কামপুৰ: কামপুৰত আজি আৱকাৰী বিভাগৰ অভিযানত ওলাল বৃহৎ পৰিমানৰ চুলাই মদ। কামপুৰৰ শুকুৰবৰীয়া সাপ্তাহিক বজাৰত জব্দ কৰে প্ৰায় ২০০০ লিটাৰ চুলাই মদ।

বৈঠালাংচুৰ পৰা অহা একাংশ মহিলা বেপাৰীয়ে বজাৰত বিক্ৰীৰ বাবে লৈ আহিছিল চুলাইখিনি। দীৰ্ঘদিনৰ পৰা আৱকাৰী বিভাগৰ কাৰ্যালয়ৰ নাতি দুৰতেই এনেদৰে সাপ্তাহিক বজাৰত চলাই আহিছিল চুলাই মদৰ ব্যৱসায়।

কিন্তু চকুৰ সন্মুখতেই এইদৰে চলাই অহা অবৈধ চুলাই ব্যবসায়ক লৈ আবকাৰী বিভাগে গুৰুত্ব নিদিয়াৰ বাবেই দিনকদিনে এই অবৈধ ব্যবসায়টো বাঢ়ি গৈছিল।

কামপুৰৰ শুকুৰবৰীয়া বজাৰ

আজি আৱকাৰী বিষয়াসকলে হঠাৎ তালাচী চলোৱাৰ ফলত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ অবেধ ভাবে বিক্ৰি কৰিবলৈ অনা চুলাই।

আনহাতে বজাৰ সমিতিৰ বিষয়ববীয়া সকলেও বিষয়টো দেখিও নেদেখাৰ ভাও জুৰি থকাৰ বাবে অবৈধ চুলাই বেপাৰীসকলে দিনক দিনে ব্যবসায়টো বৃদ্ধি পাই গৈছিল ।

লগতে পঢ়ক – শিৱসাগৰৰ ঐতিহাসিক ৰংচাই (লংচাই) বিলত চলিছে অবৈধ বেদখল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply