হাটশিঙিমাৰী : হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালত চৌহদত ৰাষ্ট্ৰীয় লোক আদাল। বিদ্যুৎ বিল, বেংকৰ ঋণ আদায় নিদিয়া গ্ৰাহকক ঋণমুক্ত কৰিবলৈ বিশেষ শিবিৰৰ আয়োজন। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহকুমা ন্যায়িক দণ্ডাধীশ আদালত চৌহদত শনিবাৰে জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰি বিদ্যুৎ বিল আৰু বেংকৰ ঋণ আদায় নিদিয়া গ্ৰাহকক ঋণমুক্ত কৰিবলৈ বিশেষ শিবিৰৰ আয়োজন কৰা হয়।
উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত হাটশিঙিমাৰী মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হয়। লোক আদালত উপলক্ষে আদালত চৌহদত অস্থায়ীভাৱে বিশেষ শিবিৰৰ আয়োজন কৰি ঋণগ্ৰস্থ লোকক ঋণ মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাখনৰ ভাৰতীয় ষ্টেট বেংকৰ মানকাচৰ আৰু হাটশিঙিমাৰী শাখা, ইউকো বেংকৰ মানকাচৰ আৰু দক্ষিণ শালমাৰা শাখা আৰু অসম গ্ৰামীন বিকাশ বেংকৰ খাৰুৱাবান্ধা শাখাসহ মুঠ ৫ খন বেংকৰ পৰা যিসকল গ্ৰাহকে বিভিন্ন ধৰণৰ ঋণ লৈ সময়মতে ঋণ পৰিশোধ নকৰাৰ লগতে দীৰ্ঘ দিনৰ পৰা ঋণ আদায় দিয়া নাই সেই সকল গ্ৰাহকক জাননি প্ৰেৰণ কৰি লোক আদালতৰ জৰিয়তে ঋণ মুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহন কৰা হৈছে।
লগতে পঢ়ক : অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ(বিশেষ) ফলাফল ঘোষণা
একেদৰে জিলাখনৰ মানকাচৰ বিদ্যুৎ উপ সংমণ্ডলৰ অধীনত থকা যিসকল গ্ৰাহকে দীৰ্ঘ দিনৰ পৰা বিদ্যুৎ বিল আদায় দিয়া নাই সেই সকল গ্ৰাহকৰো বিল পৰিশোধৰ বাবেও ৰাষ্ট্ৰীয় লোক আদালৰ শিবিৰৰ জৰিয়তে ব্যৱস্থা লোৱা হৈছে। জিলাখনত দীৰ্ঘ দিনৰ পৰা বেংকৰ ঋণ আৰু বিদ্যুৎ বিল আদায় নিদিয়া গ্ৰাহকৰ সংখ্যা প্ৰায় ৫ শতাধিক বুলি জিলা আইনসেৱা প্ৰাধিকৰণৰ সচিব সত্যজিত কৰ্মকাৰে জানিবলৈ দি কয় যে ঋণ পৰিশোধ নকৰা গ্ৰাহক সকলৰ বিৰুদ্ধে গোচৰ হোৱাৰ পূৰ্বে গ্ৰাহক সকলক ঋণমুক্ত কৰাৰ উদ্দেশ্যে এইদৰে ৰাষ্ট্ৰীয় লোক আদালতৰ বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে।