কামপুৰ : কামপুৰৰ পশ্চিম ঘিলানী গাঁৱৰ এগৰাকী অসহায় বৃদ্ধা। অকলশৰীয়া বৃদ্ধা গৰাকীক চুবুৰীৰ মানুহে চোৱাচিতা কৰি আহিছিল যদিও কিছুদিন পূৰ্বে হাত ভঙাত শাৰীৰিকভাৱৈ অধিক দুৰ্বল হৈ পৰে বৃদ্ধা গৰাকী।

শয্যাগত বৃদ্ধা গৰাকীক লৈ চুবুৰীৰ মানুহ চিন্তিত হৈ যোগাযোগ কৰিছিল নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ লগত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ সহযোগত বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক :  উত্তৰ-পূবৰ সৰ্ববৃহৎ ব্যৱসায়িক ইভেণ্ট- নৰ্থইষ্ট লঞ্চপেড; আজিয়েই পঞ্জীয়ন কৰক

বৃদ্ধা গৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পাছত ৰাঙলুস্থিত বৃদ্ধাশ্ৰমত ৰখাৰ লগতে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply