তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা আদৰ্শ ক’ভিড টীকাকৰণ কেন্দ্ৰত ভেকচিনৰ বাবে পুৱাৰে পৰাই ৰাইজৰ দীঘলীয়া শাৰী। শুকুৰবাৰে মহকুমাটোৰ বিভিন্ন অঞ্চলৰ পুৰুষ-মহিলা সকলে পুৱা ৪ বজাৰ পৰাই ভেকচিনৰ বাবে শাৰী পাতি থকা দেখিবলৈ পোৱা যায়।
সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে বিনামূলীয়া ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী। সমগ্ৰ ৰাজ্যতে চলি থকা এই ভেকচিন কাৰ্যসূচীত ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে ভেকচিন কেন্দ্ৰ সমূহত ৰাইজে ভেকচিন ল’বলৈ দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হয়।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ বিভিন্ন অঞ্চলত থকা ভেকচিন কেন্দ্ৰ সমূহত ৰাইজ ওলাই আহি ভেকচিন গ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। শুকুৰবাৰেও তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা আদৰ্শ ক’ভিড টীকাকৰণ কেন্দ্ৰত ৰাইজে ভেকচিন গ্ৰহণ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।
লগতে পঢ়ক : তামুলপুৰৰ দক্ষিণ গান্ধীবাৰী অঞ্চলক কন্টেইনমেন্ট জ’ন ঘোষণা
এইক্ষেত্ৰত তামুলপুৰ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী সকলে ভেকচিন সকলোৱে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মত পোষণ কৰিছে যদিও একাংশ ৰাইজ আশ্বস্ত হ’ব পৰা নাই। কিয়নো বহু লোকে কেইবাদিন ভেকচিনৰ বাবে শাৰী পাতি সময়ত ভেকচিন নাপাই উভতিব লগা হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।