ৰূপহীহাট : ৰূপহীহাটৰ ইণ্ডিয়ান বেংকৰ হাতিপুখুৰী শাখাত এক ভয়াবহ দৃশ্য দেখিবলৈ পোৱা যায়। ইণ্ডিয়ান বেংকৰ হাতিপুখুৰী শাখাত দেখিবলৈ পোৱা যায় ৰাইজৰ অভাৱনীয় ভিৰ। কভিড মহামাৰীৰ ভয়াবহ পৰিস্থিতিৰ মাজতে ইণ্ডিয়ান বেংকৰ ভয়াবহ দৃশ্যই আতংকিত কৰি তুলিছে বহুতকে।

দেশজুৰি কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। লাখ লাখ লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে বহু লোক। আক্রান্তৰ সংখ্যা প্ৰতিদিনে ভয়াবহভাৱে বৃদ্ধি পাইছে।

কভিডৰ তাণ্ডৱৰ বাবে দেশৰ ৰাজধানী দিল্লীত লকডাউনৰ নিচিনা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগীয়া হৈছে। প্ৰতিখন ৰাজ্যৰ চৰকাৰ প্ৰশাসনে নিজ নিজ ৰাজ্যৰ জনসাধাৰণক কভিড প্ৰ’টকল মানি চলাৰ আহ্বান জনাইছে। মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰিছে চৰকাৰে।

কভিড ৰোধৰ বাবে চৰকাৰ প্ৰশাসনে বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে যদিও বহু ক্ষেত্ৰত চৰকাৰৰ এই নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি পেলোৱা পৰিলক্ষিত হৈছে। তেনে এক দৃশ্য দেখিবলৈ পোৱা যায় নগাঁও জিলাৰ ৰূপহীহাটৰ ইণ্ডিয়ান বেংকৰ হাতিপুখুৰী শাখাত।

ইণ্ডিয়ান বেংকৰ শাখাটোলৈ অহা শ শ পুৰুষ-মহিলা গ্ৰাহকৰ মাজত দেখিবলৈ পোৱা নাযায় কোনো ধৰণৰ সামাজিক দূৰত্ব। আনকি অধিকাংশ গ্ৰাহকৰ মুখত মাক্স নথকাও দেখিবলৈ পোৱা যায়। এই সম্পৰ্কে বেংক কতৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰাও পৰিলক্ষিত নহয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply