লখিমপুৰ : সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ। মাৰাত্মক ক’ভিডৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় ভেকচিন। ভাৰতত ক’ভিডৰ সংহাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ইতিমধ্যে ৰাইজৰ বাবে বিনামূলীয়া ভেকচিন প্ৰদান কাৰ্যসূচীৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে চৰকাৰৰ ভেকচিন প্ৰদান কাৰ্যসূচী। ইতিমধ্যে এই ভেকচিন কাৰ্যসূচীত ৰাইজে পূৰ্ণ সহযোগ প্রদান কৰা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে ৰাইজ ওলাই আহি ভেকচিন লবলৈ ভিৰ কৰিছে ভেকচিন প্ৰদান কেন্দ্ৰ সমূহত।
এফালে ভেকচিন কাৰ্যসূচীত ৰাইজৰ পূৰ্ণ সহযোগ, আনফালে দেখিবলৈ পোৱা গৈছে ভেকচিনৰ নাটনি। বহু লোকে ভেকচিন লবলৈ ভেকচিন কেন্দ্ৰত দিনৰ দিনটো ৰখি থাকি অৱশেষত ভেকচিনৰ অভাৱত ভেকচিন নোলোৱাকৈ ঘূৰি আহিব লগীয়া হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাটো একেই অৱস্থা।
লখিমপুৰত ক’ভিড ভেকচিনক কেন্দ্র কৰি এক অভাৱনীয় পৰিস্থিতিৰ পৰিলক্ষিত হৈছে। ভেকচিনৰ নাটনিৰ বাবে নিশা ৯ বজাৰ পৰাই ভেকচিন কেন্দ্ৰৰ সন্মুখত শাৰী পাতিছে ৰাইজে। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভেকচিনেশ্যন কাৰ্যসূচীৰ এদিন পূৰ্বেই কেন্দ্ৰৰ সন্মুখত নিশাৰ পৰাই ব্যাপক ভিৰ।
লগতে পঢ়ক : শোণিতপুৰৰ বালিপাৰাত মাস্ক নিপিন্ধা লোকসকলক দিলে ৰঙা গোলাপ
বৰষুণত তিতি বুৰি ভেকচিনেশ্যন কেন্দ্ৰৰ সন্মুখৰ পথত শাৰী পতি বহু লোক বহি থকা দেখিবলৈ পোৱা যায় লখিমপুৰত। লখিমপুৰ নগৰৰ পদ্মনাথ গোহাঁই বৰুৱা বিদ্যালয়ৰ সন্মুখৰ ভেকচিন কেন্দ্ৰৰ সন্মুখত বিগত দুই-তিনি দিনে ভেকচিনৰ কুপন তথা ভেকচিন গ্ৰহণ কৰিবলৈ নোপোৱাৰ বাবে এই অভাৱনীয় পৰিস্থিতি সৃষ্টি হয়।