গুৱাহাটী : সন্ধানহীন মৃদুপৱনক বিচাৰি লুকআউট নটিছ। আৰক্ষীৰ সন্মুখৰে পৰা পলায়ন কৰা প্ৰবঞ্চক মৃদুপৱনক বিচাৰি উলিওৱাত ব্যৰ্থ আৰক্ষী।

প্ৰবঞ্চক মৃদুপৱন নেওগক এতিয়াও অসম আৰক্ষীয়ে বিচাৰি উলিওৱাত ব্যৰ্থ। আৰক্ষীৰ চকুৰ আগৰে পৰাই আৰক্ষীৰ চকুত ধুলি মাৰি পলাত্রন কৰা মৃদুপৱনক বিচাৰি লুকআউট নটিছ জাৰি কৰিছে। ৰাজনৈতিক নেতাৰ পৰা জনপ্ৰিয় ব্যক্তিৰ সৈতে সম্পৰ্ক সৃষ্টি কৰি প্ৰবঞ্চনা কৰি অহা মৃদুপবন সৈতে সম্পৰ্ক থকা বহুজনকেই সোধাপোছা কৰিছে যদিও উদ্ধাৰ কৰাত ব্যৰ্থ হৈছে।

প্ৰবঞ্চকটোৰ অবস্থিতি মধ্যপ্ৰদেশত ধৰা পেলাইছিল যদিও ধৰিবলৈ সক্ষম নহ’ল আৰক্ষী। মৃদুপবনৰ বায়েক আটলান্টা কাশ্যপ ওৰফে মৃণালিনী নেওগ বৰ্তমান সময়ত মুম্বাইৰ চেলিব্ৰেট্ৰী জ্যোতিষী। এই গৰাকী বায়েকৰ সহযোগতেই ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি বিভিন্ন লোকৰ সৈতে সম্পৰ্ক গঢ়িবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ত পলাতক হৈ থকা মৃদুপৱন নেওগে দেশ এৰি পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিয়েই আৰক্ষীয়ে লুক আউট জাননী জাৰি কৰিছে।

লগতে পঢ়ক : গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

নগাঁৱৰ এটা প্ৰতিষ্ঠানৰ পৰা গাড়ী দিয়াৰ নামত ৩১ লাখ টকা সৰকোৱাৰ পিছৰ পৰাই নগাঁও আৰক্ষীয়ে বিচাৰি আছে প্ৰবঞ্চকটোক। আৰক্ষী গুৱাহাটীৰ ঘৰত ধৰাৰ বাবে উপস্থিত হোৱাৰ পিছতেই আৰক্ষীৰ চকুত ধুলি মাৰি পলায়ন কৰে প্ৰবঞ্চক মৃদুপৱন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply