গুৱাহাটী : আজি গণেশ পূজা। মহানগৰীৰ গণেশ মন্দিৰ সমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। গণেশ দেৱতাৰ আশীষ বিচাৰি মহানগৰীৰ গুৱাহাটীত থকা গণেশ মন্দিৰ সমূহত পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।

এফালে ক’ভিডসৃষ্ট পৰিৱেশ আনফালে পুৱাৰ পৰাই আৰম্ভ হোৱা বৰষুণ জাকৰ বাবে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। ইয়াৰ মাজতো মহানগৰীবাসী ওলাই আহিছে গণেশ দেৱতাক পূজা আগবঢ়াবলৈ।

সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় গণেশ পূজা। মহানগৰী গুৱাহাটীত থকা গণেশ মন্দিৰ সমূহত গণেশ পূজা উপলক্ষে পুৱাৰে পৰাই ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে। লতাশিলৰ গণেশ মন্দিৰ আৰু গণেশগুৰিৰ গণেশ মন্দিৰত ভক্তপ্ৰাণ ৰাইজে ব্যাপক ভিৰ দেখিবলৈ পোৱা যায়।

ক’ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা মানি ভক্তপ্ৰাণ ৰাইজে গণেশ দেৱতাক পূজা আগবঢ়াই আশীষ লয়। ধুপ চাকি জ্বলাই আৰু গণেশ দেৱতাক নৈবেদ্য আগবঢ়াই ভক্তপ্ৰাণ ৰাইজে সমগ্ৰ বিশ্বতে শান্তি প্ৰতিস্থা হোৱাৰ লগতে মঙ্গল কামনা কৰে।

লগতে পঢ়ক- টিংখাঙৰ কেন্দুগুৰিৰ ১১ বছৰীয়া ছাত্ৰ ব্যস্ত এতিয়া নিজ বিদ্যালয়ৰ প্ৰতিমা নিৰ্মাণত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply