ৰঙিয়া : এজন যুৱক আৰু এগৰাকী কিশোৰীৰ ভয়ংকৰ সিদ্ধান্ত। ৰঙিয়াৰ উদিয়ানাৰ চবনম চুলতান নামৰ এগৰাকী কিশোৰী আৰু মঙলদৈৰ মইনুল হক নামৰ এজন যুৱকৰ ভয়ংকৰ সিদ্ধান্ত। কিশোৰী গৰাকীৰ আৰু যুৱকজনৰ ভয়ংকৰ সিদ্ধান্তৰ ফলত দুয়োৰে ঘৰত এতিয়া শোকাবহ পৰিৱেশ।

ৰঙিয়াৰ উদিয়ানাৰ চবনম চুলতান নামৰ কিশোৰী গৰাকী আৰু মঙলদৈৰ মইনুল হক নামৰ যুৱকজনে বাছি ললে আত্মহত্যাৰ পথ। ফলত কিশোৰী গৰাকী আৰু যুৱকজনৰ পৰিয়ালৰ লোক ভাঙি পৰিছে কান্দোনত। দুয়ো দেওবাৰে পুৱাৰ ভাগত ৰঙিয়াৰ উডিয়ানাত ৰে’লৰ আগত পৰি আত্মহত্যা কৰে।

পুৱাৰ ভাগত অঞ্চলটোৰ একাংশ লোকে ৰে’ল লাইনত দুয়োৰে মৃতদেহ প্ৰত্যক্ষ কৰে। চবনম চুলতান নামৰ ১৫ বছৰীয়া কিশোৰী গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী আৰু মঙলদৈৰ ২০ বছৰীয়া মইনুল হক ৰঙিয়াত ভাড়া ঘৰ লৈ থাকে। দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল।

লগতে পঢ়ক : অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান

চবনম চুলতনা নামৰ ১৫ বছৰীয়া কিশোৰী গৰাকী আৰু ২০ বছৰীয়া মইনুল হক কিয় ৰে’লৰ আগত পৰি আত্মহত্যা কৰিলে এই সম্পৰ্কে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ লগতে শোকৰ ছাঁ পেলাইছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply