নিউজ ডেস্ক : লাভলীনা বৰগোহাঁইলৈ আগবঢ়োৱা হ’ল দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন। এইবাৰ লাভলীনাৰ সৈতে মুঠ ১২ গৰাকী খৈলুৱৈয়ে লাভ কৰিছে মেজৰ ধ্যান চান্দ খেলৰত্ন সন্মান।
কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ঘোষণা কৰা ২০২১ বৰ্ষৰ ক্ৰীড়া বটাৰ তালিকাত লাভলীনাই স্থান লাভ কৰিছে। উল্লেখযোগ্য যে দেশৰ এই সৰ্বোচ্চ ক্ৰীড়া সন্মান লাভ কৰা লাভলীনা হৈছে প্ৰথম গৰাকী অসমীয়া।
ইয়াৰ পূৰ্বে গোলাঘাটৰ জীয়ৰী লাভলীনাই টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমৰ প্ৰথম গৰাকী অলিম্পিক বিজেতা হিচাপে ইতিহাস ৰচনা কৰিছিল।
লাভলীনাৰ উপৰি এইবাৰ খেলৰন্ত বঁটা লাভ কৰা বাকী খেলুৱৈ সকল হৈছে – নীৰজ চোপ্ৰা (এথলেটিকছ, সোণৰ পদক বিজেতা), ৰবি কুমাৰ (কুস্তি, ৰূপৰ পদক বিজেতা), লাভলীনা বৰগোহাঁই (বক্সিং), পিআৰ শ্ৰীজেশ (হকী), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত এণ্টিল (পেৰা এথলেটিকছ), প্ৰমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নগৰ (পেৰা বেডমিণ্টন), মনীষ নাৰৱাল (পেৰা শ্বুটিং), মিতালী ৰাজ (ক্ৰিকেট), সুনীল ছেত্ৰী (ফুটবল), মনপ্ৰীত সিং (হকী)।
লগতে পঢ়ক : পলাশবাৰী-উপৰহালী পথত চালান বিহীন পাহাৰৰ মাটি ভৰ্তি ডাম্পাৰ জব্দ